জোনাই, ৩০ ছেপ্টেম্বৰঃ ধেমাজি জিলাৰ জোনাই শিক্ষা খণ্ডৰ অন্তৰ্গত বাহিৰ জোনাই লোহিজানৰ ৰুক্মিণী আলি উচ্চ মাধ্যমিক বিদ্যালয়ত সুচাৰুৰূপে পাঠদান চলাই নিব পৰা শৈক্ষিক পৰিৱেশ বৰ্তমানেও গঢ় লৈ উঠা নাই। বিগত বছৰৰ দৰে এইবাৰো চিয়াং নদীৰ বাঢ়নী পানীয়ে বিদ্যালয় চৌহদ বুৰাই পেলাইছে । ফলত যোৱা পাঁচ মাহে জলমগ্ন হৈ আছে বিদ্যালয়খন।
ইপিনে চিয়াং নদীৰ বানত বিধ্বস্ত হৈছে জোনাই শিক্ষাখণ্ডৰ বাহিৰ জোনাই লুহিজান গাঁও পঞ্চায়তৰ অন্তৰ্গত তাৰীকছাৰী বড়ো প্ৰাথমিক বিদ্যালয়খনো। নদীৰ প্ৰলয়ংকৰী বানে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলোৱা তাৰীকছাৰী বড়ো প্ৰাথমিক বিদ্যালয়ত কণ-কণ ছাত্ৰ ছাত্ৰীক পাঠদান চলাই নিব পৰা পৰিৱেশ বৰ্তমানেও ঘূৰি অহা নাই।
ইপিনে চৰকাৰে শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন আনিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুতেৰে ইয়াৰ ৰূপায়ণৰ কাম হাতত লৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহত শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰয়াস চলোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত এনে জৰাজীৰ্ণ শৈক্ষিক পৰিৱেশৰ মাজত গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কেনেকৈ সম্ভৱ হ’ব সেয়াহে এতিয়া হৈ পৰিছে অধিক চিন্তনীয়।
ইফালে মহামাৰীৰ ক’ৰণাৰ ভয়াৱহতাৰ মাজতে চৰকাৰে লক ডাউন শিথিল কৰি বিদ্যালসমূহত উচ্চ খাপত পাঠদানৰ বাবে নিৰ্দেশনা জাৰি কৰিছে যদিও বান-খহনীয়াত বিধ্বস্ত হৈ পৰা জিলাখনৰ বহু বিদ্যালয়ত পাঠদান চলাই নিবলৈ শৈক্ষিক পৰিবেশ গঢ়ি তুলিব পৰা হোৱা নাই ৷ ফলত বানপীড়িত অঞ্চল সমূহৰ নৱম দশমৰ ছাত্ৰ ছাত্ৰীৰ বাবে সৃষ্টি হৈছে আহুকালৰ ।
লগতে পঢ়কঃ এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম