ETV Bharat / state

জোনাইত অভাৱ ঘটিছে কৰ’ণা সজাগতাৰ - মাস্ক

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কৰ'ণা মহামাৰীক প্ৰতিৰোধৰ বাবে চৰকাৰে কেতবোৰ নিয়ম অৱলম্বন কৰিছে যদিও জোনাইবাসীৰ মাজত নাই কোনো ভয় ৷ জোনাইৰ বজাৰ-বিপণীত নাই কোনো সামাজিক দূৰত্ব ৷

Fear of viruses not found in the zone
জোনাইত নাই কৰ'ণা ভাইৰাছৰ ভয়
author img

By

Published : Sep 24, 2020, 9:29 AM IST

জোনাই,23ছেপ্টেম্বৰ: অসমত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ৰাজ্যৰ প্ৰতিখন জিলা,মহকুমা, চহৰ,নগৰ ,গাঁৱত এতিয়া ভয়ৰ এটাই কাৰণ হৈ পৰিছে আৰু সেয়া হৈছে কৰ'ণা ভাইৰাছ ৷ আক্ৰান্তৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মৃত্যুৰ হাৰো ৷ এই মহামাৰীক ৰোধ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰাও গ্ৰহণ কৰা হৈছে কেতবোৰ নিয়ম ৷ যি সকলে মাস্ক পৰিধান নকৰে সেই লোক সকলক ১০০০ টকাকৈ জৰিমনা বিহাৰ প্ৰক্ৰিয়া হাতত লৈছে প্ৰশাসনে ৷ কিন্তু ইয়াৰ পাছতো একাংশই চৰকাৰৰ এই নিয়মক গুৰুত্ব নিদিয়া পৰিলক্ষিত হয় ৷

জোনাইত নাই কৰ'ণা ভাইৰাছৰ ভয়

ধেমাজি জিলাৰ জোনাইটো দেখিবলৈ পোৱা গ'ল চৰকাৰী নিয়মক ভৰিৰে মোহাৰা এক দৃশ্য ৷ অঞ্চলটোৰ বজাৰ,বিপণীত নাই কোনো সামাজিক দূৰত্ব, ব্যক্তিসকলে পৰিধান কৰা নাই মাস্ক ৷ একাংশ লোকৰ এই কাণ্ডত হতভম্ব হৈ পৰে সচেতন মহল ৷ চৰকাৰী নিয়মক অৱজ্ঞা কৰি এইদৰে ঘূৰি-ফুৰা ব্যক্তিসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনাই সচেতন মহলে ৷

অন্য এক খবৰৰ বাবে: ১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.