ETV Bharat / state

Paddy fields in Assam: ঋতুমতী শাওণৰ পথাৰ; কজলা মেঘৰ তলত ৰোৱনীৰ উছাহ

author img

By

Published : Jul 22, 2023, 8:55 PM IST

শাওণৰ সেউজীয়া পথাৰখন কাৰ প্ৰিয় নহয় ? শাওণৰ পথাৰখনত সেউজীয়াবোৰ আৰু সেউজীয়া হৈ পৰে ৷ চিনাকী মাটিৰ গোন্ধ লৈ বিৰামহীনভাৱে কঁপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচে চহা খেতিয়কে, ৰোৱনীৰ খিলখিলনিত অস্ত যোৱা বেলিটোও ৰৈ ৰৈ চাই যায়... চাওঁক আমাৰ এই প্ৰতিবেদন

farmers busy in paddy fields
ঋতুমতী শাওণৰ পথাৰ, কজলা মেঘৰ তলত ৰোৱনীৰ উচ্ছাস
ঋতুমতী শাওণৰ পথাৰ, কজলা মেঘৰ তলত ৰোৱনীৰ উছাস

ধেমাজি, 22 জুলাই : শাওণমহীয়া ভৰুণ পথাৰ ৷ ৰোৱনীয়ে কোঁচনি কোঁচাই খিলখিলনি তুলি সজীৱ কৰি তুলিছে শাওণমহীয়া পথাৰ ৷ কঁপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচিছে চহা খেতিয়কে ৷

শাওণ মানেই যেন ব্যস্ততাৰে ভৰা পথাৰ ৷ প্ৰতিজন চহা অসমীয়াৰে সীমাহীন ব্যস্ততা এতিয়া শাওণৰ পথাৰত ৷ শাওণ মাহৰ কিনকিনীয়া বৰষুণ অথবা গোমা আকাশৰ তলত সিক্ত দেহাৰে কৃষক ৰোৱনীয়ে পথাৰত সিঁচি দিয়ে সপোনবোৰ ৷ জেঠ-আহাৰত চহ কৰি সাজু কৰি লোৱা পথাৰসমূহ শাওণৰ পহিলা সপ্তাহত হৈ পৰে ভৰপক ৷ কাৰোৱেই যেন মূৰ তুলি চাবলৈ আহৰি নাই ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি নগৰৰ সমীপৰ ঐতিহাসিক তেলিজান দ পথাৰত দৃষ্টি নন্দন দৃশ্য ৷ শাওণৰ পহিলা সপ্তাহৰ ভিতৰত নিজৰ খেতি ডৰা সেউজীয়া কৰি তোলাৰ বাবে আপ্ৰাণ প্ৰয়াস কৃষক-ৰোৱনীৰ ৷

বিশেষকৈ তেলিজান দ পথাৰত বোকা পানী গভীৰতা হোৱা বাবেই বোকাৰ সলনি আলি দিয়ে পথাৰত সৃষ্ট আৱৰ্জনাই ৷ এই পথাৰতে ধেমাজি নগৰৰ উপকণ্ঠ অঞ্চল ক্ৰমে ভৰালীচুক, নলনিপাম তেলিজান, ভেহপৰা আদি গাঁৱৰ কৃষক ৰাইজে খেতি কৰি প্ৰাপ্তিৰ সপোন ৰচে ৷ সুবিশাল শাওণৰ পথাৰত ৰোৱনীৰ লাৱণী হাতেৰে গুজি দিছে হেঁপাহৰ কঠীয়ামুঠি ৷

এসময়ত বাৰিষা তেলিজান পথাৰত বিভিন্ন মাছ পুথি আৰু কলমৌ লেহেতী জাতীয় বন শাকেৰে উভৈনদী হৈ আছিল ৷ কৃষকে পথাৰত হাড়ভঙা পৰিশ্ৰম কৰা অন্তত ঘৰত গৈ পথাৰৰ মাছ আৰু কলমৌ শাকেৰে পৰম তৃপ্তিৰে খাইছিল ভাত সাঁজ ৷ পিছে পৰিতাপৰ বিষয় যে বৰ্তমান পথাৰত গৰুহালৰ বিপৰীতে টেক্টৰ প্ৰয়োগৰ পিছৰে পৰা মাছ পুথি শাক বন নোহোৱা হ’ল পথাৰখনত ৷ আনহাতে ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে হাজাৰ হাজাৰ কৃষকৰ সপোন লুকাই থকা এই সুবিশাল পথাৰখন ৷

লগতে পঢ়ক: Assam flood Situation : ৰঙাপৰাত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.