ETV Bharat / state

Erosion of Lali River: লালী নদীৰ খহনীয়াই কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি - Erosion of Brahmaputra in Chengajan

জোনাইত চেঙাজানত খহনীয়া অব্যাহত (Erosion in Jonai)। খহনীয়াই অঞ্চলটোৰ ১৫ খনৰো অধিক গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে ।

Erosion of Lali River in Dhemaji
লালী নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে
author img

By

Published : Mar 5, 2023, 5:07 PM IST

লালী নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে

জোনাই, 5 মাৰ্চ: ধেমাজি জিলাৰ লালী নদীৰ খহনীয়াত নিজৰ ঘৰ বাৰী, কৃষি ভূমি হেৰুৱাই দিশহাৰা হৈ পৰিছে জোনাইৰ চেঙাজান অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজ (Erosion of Lali River in Dhemaji) ৷ বিগত কেইবাবছৰৰ পৰা লালী নদীৰ খহনীয়াই চেঙাজান অঞ্চলৰ গোৱাল গাঁও, কৈৰ্বত্ত গাঁও, চৌৰাংশ্ৰী, বুটঘাট, চেৰেংচাপৰিকে আদি কৰি প্ৰায় ১৫ খনৰো অধিক গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

বাৰিষাৰ সমান্তৰালকৈ খৰালি কালতো লালী নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । ফলত অধিক চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ লালী নদীৰ খহনীয়াৰ ফলত দিনক দিনে সংকুচিত হৈ আহিছে কৃষি ভূমি ৷ ইতিমধ্য়ে নদীৰ বুকুত ঘৰ বাৰী সকলো হেৰুৱাই দিশহাৰা হৈছে বহু পৰিয়াল ৷ নিজৰ ভেটি এৰি আন স্থানলৈ ঢাপলি মেলিছে বহুটো পৰিয়ালে (Massive erosion in Jonai) ৷ তথাপি খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনে পদক্ষেপ গ্ৰহণ নকৰাত শংকিত হৈছে হাজাৰ হাজাৰ ৰাইজ ।

চেঙাজানৰ কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে (Erosion at Chengajan) ৷ খহনীয়াৰ কৱলত পৰা গাঁওবাসীয়ে অনতিপলমে লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ উল্লেখযোগ্য যে জোনাই বিধানসভা সমষ্টিৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই (Erosion of Brahmaputra in Chengajan)। চমকং গাঁও পঞ্চায়তৰ চেঙাজান গোৱালা গাঁৱত এতিয়া দিনে নিশাই চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা । চেঙাজান গোৱালা গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়া । যাৰ ফলত এই গাঁওখনৰ দহ-পোন্ধৰটাকৈ কৃষিজীৱী পৰিয়ালৰ ঘৰভেঁটি নদীখনে খহাই নিছে ।

শেহতীয়াকৈ জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে চেঙাজান গোৱালা গাঁৱত পকী পাৰ্কুপাইন আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰিছে । ইতিমধ্যে আঠশৰো অধিক পকী পপাৰ্কুপাইন ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে সংস্থাপন কৰিছে যদিও নদীখনৰ বিধ্বংসী খহনীয়াৰ প্ৰকোপত আঁচনিখনৰ পৰা ৰাইজে সুফল লাভ কৰিব পৰা নাই । দুদিনৰ ভিতৰতে প্ৰায় দুশ পকী পাৰ্কুপাইন ব্ৰহ্মপুত্ৰত জাহ গৈছে । ধাৰাবাহিকভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ ফলত চেঙাজান গোৱালা গাঁৱৰ দিশে ত্ৰিশ মিটাৰ ভিতৰলৈ নদীখন সোমাই আহিছে ।

লগতে পঢ়ক:AAMSU Indigenous criticizes Congress : কংগ্রেছক বিজেপিতকৈও অধিক সাম্প্রদায়িক দল আখ্যা আমছু খিলঞ্জীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.