জোনাই, ১২ ছেপ্টেম্বৰ: জোনাইত লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো গুৰুত্ব নিদিয়াত নৈপৰীয়া ৰাইজে এইবাৰ হাতে কামে লাগিল ৷ জোনাইৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং কয়লা আলি ৱাৰ্ডত ৰাইজে দীৰ্ঘ দিনৰ পৰা নদীৰ খহনীয়াত আক্ৰান্ত হৈ আছে ৷
প্ৰতিবছৰে অঞ্চলটোৰ কেকন দিখাৰী, কয়লা আলি মিচিং কাংকান, ২ নং কয়লা আলি বৰ্মন গাঁও,৩ নং কয়লা আলি বড়ো গাঁও, ৩ নং কয়লা আলি মিচিং গাঁও, কয়লা আলি আনু চাপৰি, কয়লা আলি হাবি গাঁও আৰু কয়লা আলি বিষ্ণুপুৰ গাঁৱৰ বহু পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি, বাটপথ আদি জাহ গৈছে লালী নদীৰ বান-খহনীয়াত ৷ তেনেদৰে প্ৰতি বছৰে বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি লালী নদীৰ খহনীয়াত জাহ যোৱাত বহু পৰিয়াল হৈ পৰিছে ভূমিহীন ।
বহুতো পৰিয়ালে নিজৰ আপোন ঘৰখন ভাঙি খহনীয়াৰ আতংকত ঢাপলি মেলিলে নিৰাপদ আশ্ৰয় স্থানৰ সন্ধানত ৷ যাৰ ফলত মঙলবাৰে পুৱা ৯ বজাৰ পৰা কয়লা আলি অঞ্চলৰ ৰাইজে ওলাই আহি চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি নিজৰ ঘৰবাৰী, মাটি-ভেটি, সম্পত্তি আৰু জীৱন ৰক্ষাৰ উদ্দেশ্যে ৰাইজৰ দান-বৰঙণি আৰু শ্ৰমদানেৰে লালী নদীত বাঁহৰ খুঁটি পুতি গছৰ ডাল পেলাই লালী নদীৰ সোঁত সলাই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে নৈপৰীয়া ৰাইজে ৷
সময় থাকোতে চৰকাৰ কিম্বা জনপ্ৰতিনিধি সকলে কয়লা আলিৰ বান-খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ ৰাইজৰ জীৱন, সম্পত্তি আৰু মাটি-ভেঁটি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী নৈপৰীয়া ৰাইজে ৷ উল্লেখ্য যে, অঞ্চলটোৰ বাট-পথসমূহ অহা বছৰ ক’ত হ’ব ইয়াক নিৰ্ণয় কৰে লালী নদীৰ বান-খহনীয়াই ৷ ফলত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰতো চৰম যাতনা ভুগিছে ৷ খোৱা পানী, চিকিৎসা সেৱাৰ কথাটো নক’লেও হ'ব ৷
ইফালে, নিৰ্বাচনৰ সময়তে নৈপৰীয়া ৰাইজক মনত পৰি দূৰ্গম বাট-পথকো নেওচি কয়লা আলি চৰ-চাপৰিলৈ অহা বিধায়ক, সাংসদ, জিলা পৰিষদৰ সদস্য, পঞ্চায়ত প্ৰতিনিধি আদিয়ে ৰাইজক বান-খহনীয়া সমস্যা সমাধা কৰা, বাট-পথ আদি উন্নয়ন কৰাক মূল ইচ্ছ্যু হিচাপে লৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ মাথোঁ ৰৈ যায় ৷
লগতে পঢ়ক:Postal Department meeting: চামগুৰিত ডাক বিভাগৰ বিশেষ সভাত চৰকাৰী আঁচনিৰ লাভালাভ পৰ্যালোচনা