ETV Bharat / state

জোনাইত বিঘাই বিঘাই গেলিছে মাকৈ খেতি - ধেমাজি জিলা সীমান্তৱৰ্তী জোনাইৰ ঐৰামঘাটৰ খেতিয়কৰ

জোনাইৰ ঐৰামঘাটৰ খেতিয়কসকলৰ দুৰৱস্থা ৷ বৰষুণৰ বাবে খেতিয়কসকলৰ অনিষ্ঠ হয় বহু মাকৈ খেতি ৷

অনিষ্ট হ'ল বহু মাকৈ খেতি
author img

By

Published : Aug 19, 2019, 1:51 PM IST

জোনাই,১৯ আগষ্ট : ভয়াৱহ বান গৰাখহনীয়াৰ পাছত এইবাৰ প্ৰকৃতিৰ কূপ দৃষ্টি পৰিছে ধেমাজি জিলা সীমান্তৱৰ্তী জোনাইৰ ঐৰামঘাটৰ খেতিয়কৰ ওপৰত ৷ কৃষিকাৰ্য কৰি জীয়াই থকা ঐৰামঘাটৰ প্ৰায় শতাধিক খেতিয়কৰ পথাৰত গছতে গজালি মেলা বহু মাকৈ পচি যায় ৷ একেৰাহে কেবাসপ্তাহ ধৰি অঞ্চলটোত বৰষুণ দি থকাৰ বাবে খেতিয়কসকলে সময়মতে মাকৈ তুলিব নোৱাৰাৰ বাবে গছতে গজালি মেলে মাকৈ,যাৰফলত বহু মাকৈ অনিষ্ট হয় ৷ বহু সংখ্যক মাকৈ গেলীও যায় পথাৰতে ৷ যাৰ বাবে এতিয়া খেতিয়কসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰস্থিতিৰ ৷

অনিষ্ট হ'ল বহু মাকৈ খেতি

উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে এই বছৰো খেতিয়কসকলে দুগুণ হাৰত হাজাৰ-হাজাৰ টকা ধাৰলৈ লৈ মাকৈ খেতি কৰিছিল ৷ কিন্তু একেৰাহে বৰষুণ দি থকাৰ বাবে শ-শ বিঘা মাকৈ খেতি অনিষ্ট হোৱাৰ ফলত খেতিয়কসকলৰ লোকচান হয় লাখ-লাখ টকা ৷ কিন্তু ঐৰামঘাটৰ এইসকল দুৰ্ভগীয়া খেতিয়কৰ মাজত দেখা দিয়া এনে দুৰ্যোগৰ সময়ত জোনাই মহকুমা কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীয়ে খেতিয়কসকলৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰে খেতিয়কসকল ৷

Intro:Body:
সীমান্তৱৰ্তী জোনাইৰ ঐৰামঘাটত খেতিয়কৰ মূৰত এইবাৰ প্ৰকৃতিৰ ৰাম টাঙোন / প্ৰকৃতিৰ প্ৰকোপ দৃষ্টিত হৰ্বস্ব হেৰুৱাই কপালত হাত দি থাকিবলগীয়া অৱস্থা হৈছে ঐৰামঘাটৰ বহু খেতিয়কৰ

জোনাইৰ ১৯ আগষ্ট

ধেমাজি জিলা সীমান্তৱৰ্তী জোনাইৰ ঐৰামঘাটত খেতিয়কৰ ওপৰত প্ৰকৃতিৰ প্ৰকোপ দৃষ্টি | জোনাইৰ ঐৰামঘাটত চিয়াং নদীৰ ভয়াৱহ বান খহনীয়া অব্যাহত থকাৰ পিছত এইবাৰ প্ৰকৃতিৰ প্ৰকোপ দৃষ্টি পৰিল শতাধিক খেতিয়কৰ ওপৰত | এশ শতাংশ কৃষিকৰ্মত কৰি জীয়াই থকা ঐৰামঘাটৰ প্ৰায় শতাধিক খেতিয়কৰ পথাৰত গছতে গজালি মেলিলে মাকৈয়ে | শতাধিক খেতিয়কৰ পথাৰত পকি থকা শ শ বিঘা মাকৈ একেৰাহে কেবা সপ্তাহ একেৰাহে বৰষুণৰ ফলত সময়মতে তুলিব নোৱাৰাত মাকৈবোৰ গছতে গজালি মেলাৰ লগতে গেলি যোৱাত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত |প্ৰতি বছৰৰ দৰে এইবছৰো ঐৰামঘাটতৰ খেতিয়ক সকলে দুগুণ হাৰত হাজাৰ হাজাৰ টকা লোকৰ পৰা ধাৰ লৈ মাকৈ খেতি কৰিছিল যদিও যোৱা কেবা সপ্তাহে একেৰাহে দি থকা বৰষুণৰ ফলত শ শ বিঘা মাকৈ খেতি গছৰ ওপৰতে গজালি মেলি বিধ্বস্ত হোৱাত প্ৰতিজন খেতিয়কৰ লাখ লাখ টকা লোকচান হোৱাত এতিয়া দিনটো আন্ধাৰ দেখিছে খেতিয়ক ৰাইজে|
কিন্তু ঐৰামঘাটৰ এই সকল দুৰ্ভগীয়া খেতিয়কৰ মাজত দেখা দিয়া এনে দুৰ্যোগৰ সময়তো জোনাই মহকুমা কৃষি বিভাগৰ কোনো বিষয়া কৰ্মচাৰীয়ে এবাৰো পৰিদৰ্শন নকৰাৰ অভিযোগ কৰিছে খেতিয়ক ৰাইজে|

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.