ETV Bharat / state

Eco-Tourism Camp inaugurated: জোনাইত ইক' টুৰিজিম কেম্প মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:08 PM IST

পৰিৱেশ পৰ্যটন উদ্য়োগৰ প্ৰতি লক্ষ্য ৰাখি জোনাইত মুকলি কৰা হয় পবাং আইলেণ্ড ইক' টুৰিজিম কেম্প । পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বীটৰ সমীপৰ চিয়াং নদীৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত মুকলি কৰা হয় কেম্পটো ।

Eco-Tourism Camp inaugurated in Jonai
জোনাইত ইক' টুৰিজিম কেম্প মুকলি
জোনাইত ইক' টুৰিজিম কেম্প মুকলি

জোনাই,২২ অক্টোবৰ: ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্য ভৰাল পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বীটৰ সমীপৰ চিয়াং নদীৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় 'পবাং আইলেণ্ড ইক' টুৰিজিম কেম্প' ৷ পবা সংৰক্ষিত বনাঞ্চলক কেন্দ্ৰ কৰি পৰিৱেশ পৰ্যটন উদ্যোগটোৰ বিকাশৰ বাবে প্ৰকৃতিকৰ্মী পিংকু ঙাটে নামৰ এজন যুৱকে স্থাপন কৰা পবাং আইলেণ্ড ইক'টুৰিজিম কেম্পটো শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব যাদব পেগুৱে ৷

ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে আঁতধৰা সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি যাদৱ পেগুৱে 'পবাং আইলেণ্ড ইক'টুৰিজিম কেম্প'টো পবাৰ পৰ্যটন উদ্যোগ বিকাশৰ মাইলৰ খুঁটি হ'ব বুলি উল্লেখ কৰে । লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা এই ক্ষোত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে পেগুৱে । তদুপৰি তেওঁ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ বন্ধ কৰি পবাং আইলেণ্ড ইক'টুৰিজিম কেম্পত কেৱল পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।

ধেমাজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া, বিশিষ্ট কবি, প্ৰকৃতিপ্ৰেমী নৱীন কামানে অতিথি হিচাপে অংশগ্ৰহণ কৰি ধেমাজি জিলাৰ বাছি থকা একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ওপৰতে অঞ্চলটোৰ পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰা আৰু পৰিৱেশ পৰ্যটন উদ্যোগ জীয়াই থকাটো নিৰ্ভৰশীল বুলি উল্লেখ কৰে । লগতে তেওঁ যিকোনো মূল্যৰ বিনিময়ত পবা সংৰক্ষিত বনাঞ্চলক বচাই ৰাখিবলৈ আহ্বান জনায় ।

অনুষ্ঠানটিত ছেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা ৰাজীৱ পেগু, খগীৰাম পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, সম্পাদক ভাস্কৰজ্যোতি টায়েং, বুদ্ধিনাথ ৰেগন, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ৰঞ্জিত বসুমতাৰী, পৰ্যটন উদ্যোগী গোবিন টায়ে, সুনীল টায়ে, 'পবাং আইলেণ্ড ইক'টুৰিজিম কেম্প'ৰ স্বত্বাধিকাৰ প্ৰকৃতিকৰ্মী পিংকু ঙাটে আৰু বহু পৰিৱেশ প্ৰেমী আৰু পৰ্যটন অনুৰাগী লোক উপস্থিত থাকে । অনুষ্ঠানত চিলে গাঁৱৰ কৃষ্টি দলে মিচিং নৃত্য-গীত পৰিৱেশন কৰি আমোদ যোগায় উপস্থিত ৰাইজক ।

লগতে পঢ়ক: Protest Rally in Manikpur: মহা সপ্তমীৰ দিনা মাণিকপুৰত প্ৰতিবাদী পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.