ETV Bharat / state

Anti Drugs Mission in Jonai: ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ গঞাৰ সংকল্প - Anti Drugs Mission of public

ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে ধেমাজি জিলাতো চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । আৰক্ষীৰ অভিযানৰ মাজতেই ড্ৰাগছৰ সৰবৰাহ (Drugs paddler in Jonai) । সেয়েহে এইবাৰ ইয়াৰ বিৰুদ্ধে থিয় দিছে ৰাইজ । পূৰ্ণাংগ ড্ৰাগছ বিৰোধী সমন্বয় সমিতি গঠন । চিমেন চাপৰি গাওঁ পঞ্চায়তৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে ৰাজহুৱা সভা সম্পন্ন ।

Drugs paddler terror in Dhemaji
ধেমাজিত ড্ৰাগছৰ ৰমৰমীয়া বেহা
author img

By

Published : Jun 12, 2023, 12:54 PM IST

জোনাই, ১২ জুন: ধেমাজি জিলাৰ চিমেন চাপৰিত দিনক দিনে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাত উদ্বিগ্ন হৈছে ৰাইজ (Drugs awareness meeting in Jonai) । সেয়েহে ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক পুলিয়ে পোখাই উভালি পেলোৱাৰ লক্ষ্যৰে যোৱা শনিবাৰে চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গণত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয় (Drugs paddler terror in Dhemaji)। চিমেন চাপৰি গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলীপ কুমাৰ গগৈয়ে ।

ৰাজহুৱা সভাৰ উদ্দেশ্য আগবঢ়াই আহ্বায়ক তথা চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে কয় যে চিমেন চাপৰিৰ লগতে জোনাই মহকুমাৰ বিভিন্ন অঞ্চলৰ উপৰি ৰাজ্য়জুৰি ড্ৰাগছৰ অবাধ প্ৰচলন হোৱাৰ ফলত নৱ প্ৰজন্মৰ মাজত ব্যাপক কু প্ৰভাৱ পেলাইছে (Anti Drugs Mission of public)। ড্ৰাগছৰ ব্যৱহাৰে অলেখ যুৱক-যুৱতীৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে বহু পৰিয়ালত অশান্তি সৃষ্টি হ'বলৈ ধৰিছে বুলি বক্তব্য আগবঢ়াই তেওঁ পুনৰ কয় যে বৰবিহ ড্ৰাগছৰ বিৰূদ্ধে কেনেকৈ আজিৰ সমাজে বাধা দি ইয়াক সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰি সেই বিষয়ে সজাগ হ'বৰ হৈছে । ৰাইজৰ মাজত এইক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে কেনে পদক্ষেপ হাতত ল'ব লাগিব সকলো দিশ সামৰি এক সুস্থ ,সৱল সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।

এই সভাখনত সমাজকৰ্মী প্ৰৱণ কুমাৰ সন্দিকৈয়ে কয় যে ড্ৰাগছ হৈছে এক নিচাযুক্ত দ্ৰব্য । ইয়াক নিৰ্মূল কৰিবলৈ সকলোৱে নিচামুক্ত হ'ব লাগিব । ড্ৰাগছ আসক্ত হোৱাৰ পাছত বিপদগামী যুৱক-যুৱতীয়ে বে-আইনী আৰু অসামাজিক কামত লিপ্ত হৈ বহু ঘটনা সংঘটিত কৰে বুলি মন্তব্য় কৰি ইয়াৰ বিৰুদ্ধে সকলোৱে মাৰবান্ধি থিয় হ'ব লাগিব বুলি কয় । সভাত উপস্থিত থাকি বিশিষ্ট সমাজসেৱী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, পশ্চিম চিমেন চাপৰি আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষক অনিল বেজবৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষক জয়নাৰায়ণ উপাধ্যায়,প্ৰদীপ দুৱৰাকে ধৰি কেবাগৰাকী ব্যক্তিয়ে ড্ৰাগছৰ বিৰুদ্ধে ভাষণ আগবঢ়ায় ।

আটাছু,আক্ৰাছু, জিএনএছএম, কৃষক মুক্তি সংগ্ৰাম সমিতি,আগছু,চিমেন চাপৰি নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা সমিতিকে আদি কৰি বিভিন্ন জাতীয়, জনগোষ্ঠীয় ছাত্র সংগঠন, দল-সংগঠন, শিক্ষক সমাজ, মহিলা সংগঠন,শিক্ষক সংগঠন, জ্যেষ্ঠ নাগৰিক সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে । এই সভাতে প্ৰৱণ কুমাৰ সন্দিকৈক সভাপতি,গোবিন গগৈক কাৰ্যকৰী সভাপতি, বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,তোলন ফুকন, মলেন্দ্ৰ নাৰ্জাৰী, হৰজিৎ ৰায়চৌধুৰী, ফনীধৰ দ্বাৰিক,ৰঞ্জন পেগুক উপ সভাপতি, ৰজনী সন্দিকৈক সাধাৰণ সম্পাদক,ৰাজেন ৰায়,জোনমণি ৰাঈদঙ্গীয়া, টুটুমণি দত্ত, নকুল টিপমীয়া,অপূৰ্ব বৰা,ৰমা বৰগোঁহাই, চক্ৰসিং মুছাহাৰী, সূৰ্য্য পাতিৰ,কল্যাণ কোঁৱৰক সহকাৰী সম্পাদক হিচাপে লৈ এখন পূৰ্ণাঙ্গ ড্ৰাগছ বিৰোধী সমন্বয় সমিতি গঠন কৰা হয় । মূল সমিতিৰ উপৰি প্ৰচাৰ, বিত্ত উপ সমিতি এখনৰ লগতে দিলিপ কুমাৰ গগৈ, জয়নাৰায়ণ উপাধ্যায়, হৰজিৎ ৰায়চৌধুৰী, প্ৰদীপ দুৱৰা, প্ৰৱণ কুমাৰ সন্দিকৈ, গোবিন গগৈ আৰু ৰজনী সন্দিকৈক লৈ এখন কৰ্ণধাৰ সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক:Theft in jewelry: ওদালগুৰি সদৰ আৰক্ষী থানাৰ সমীপতেই চোৰে চলালে অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.