ETV Bharat / state

Drugs seized in Jonai: জোনাইত ড্ৰাগছসহ ধৃত দুই ড্ৰাগছ ব্য়ৱসায়ী - Anti drugs mission by Assam police

ৰাজ্যত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police) ৷ অৱশ্য়ে আৰক্ষীয়ে সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ সমান্তৰালকৈ অব্যাহত আছে এই নিষিদ্ধ বেহা । ইয়াৰ মাজতে জোনাই আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ ব্য়ৱসায়ী (Drug dealers arrested with drugs) ।

Drugs seized in Jonai
জোনাইত ড্ৰাগছসহ ধৃত দুই
author img

By

Published : Aug 10, 2022, 4:19 PM IST

জোনাই , ১০ আগষ্ট: ৰাজ্যত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police) ৷ আৰক্ষীয়ে সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছতো এই বেহা চলি আছে । জোনাইতো আৰক্ষীয়ে মহকুমাটোৰ বিভিন্ন অঞ্চলত ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ যোৱা নিশা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত লেকু জেলম গাঁৱত অভিযান চলাই ৫৪ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়(Drugs seized in Jonai)। এই জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ।

জোনাই আৰক্ষীয়ে এই সন্দৰ্ভত উল্লেখ কৰা মতে, চিলাপথাৰ আৰক্ষীয়ে ধেমাজি অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জোনাই আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত জোনাই লেকু জেলমৰ হিতেশ মিলি নামৰ এজন যুৱকক চিলাপথাৰ চহৰত আটক কৰাৰ লগতে ড্ৰাগছখিনি জব্দ কৰে (Drug dealers arrested with drugs at Jonai) ৷ ইপিনে, ধৃত হিতেশ মিলি নামৰ ড্ৰাগছ ব্যৱসায়ীজনে আৰক্ষীৰ জেৰাত লেকু জেলমস্থিত ঘৰত আৰু ড্ৰাগছ লুকুৱাই ৰখা বুলি স্বীকাৰ কৰে ৷

পাছত ড্ৰাগছ ব্যৱসায়ীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত লেকু জেলম গাঁৱত নিশা ৯.৩০ বজাত জোনাই আৰক্ষীৰ এটা দলে গাঁৱৰ গাওঁৰক্ষী বাহিনী আৰু গাঁওবুঢ়াৰ সহযোগত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী হিতেশ মিলিৰ পত্নীৰ কাপোৰৰ তলত লুকুৱাই ৰখা অৱস্থাত ড্ৰাগছসহ এটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে এই সন্দৰ্ভত ধৃত হিতেশৰ পত্নী ৰঞ্জিতা দলে মিলিকো আটক কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Drugs Peddler Arrested: বৰপেটাত কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.