ETV Bharat / state

জোনাইত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা

জোনাইৰ বিভিন্ন দল সংগঠনৰ সহযোগত জোনাই মহকুমাক ড্ৰাগছ মুক্ত কৰিবলৈ জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৱে দক্ষতাৰে কেইবাটাও অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু কেবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Sep 12, 2020, 11:00 PM IST

জোনাইত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা
জোনাইত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা

জোনাই,১২ আগষ্ট: জোনাইত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ এইবাৰ নিষিদ্ধ ড্ৰাগছে গ্ৰাস কৰিছে সীমান্তৱৰ্তী জোনাই মহকুমাক ৷ বৰ্তমান সময়ত ড্ৰাগছে নৱ প্ৰজন্মৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ ৷ সম্পত্তি এই অন্ধকাৰৰ কৱলত পৰিছে বহুসংখ্যক নৱপ্ৰজন্ম ৷ নৱপ্ৰজন্মৰ জীৱনলৈ ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শনিবাৰে জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন ড্ৰাগছ বিক্ৰেতাক ৷

জোনাইত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা

উল্লেখ্য যে,বিগত ৩০ জুলাইত বিশেষ সূত্ৰৰে লাভ কৰা খবৰৰ ভিত্তিত দুজন ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জোনাই থানাত 75/20 আৰুU/S 21(b)/ 27 (a) NDPS act নম্বৰৰ ধাৰা পঞ্জীয়ন কৰি দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতেই শণিবাৰে পুনৰ অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী অনন্ত ওৰফে কেপ্তেইন টায়ুঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ইপিনে,যুৱকজন দীৰ্ঘদিন ধৰি এই ব্যৱসায় কৰি আহিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে৷ ইফালে জোনাই ৰুকচিন গেট সমীপৰ ২ নং দলঙত ভাং আৰু ড্ৰাগছ আসক্ত তেম পাদুগ (২৬) নামৰ অৰুণাচলৰ এজন যুৱকক আটক কৰা হৈছে ৷

জোনাইৰ বিভিন্ন দল সংগঠনৰ সহযোগত জোনাই মহকুমাটোক ড্ৰাগছ মুক্ত কৰিবলৈ জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৱে দক্ষতাৰে কেইবাটাও অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু কেবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । অনন্ত ওৰফে কেপ্তেইন টায়ুং নামৰ যুৱকজন দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰাৰ উপৰিও ড্ৰাগছ ব্যৱসায়ত লিপ্ত হৈ জোনাইৰ পৰিৱেশ বিনিষ্ট কৰি আহিছিল ৷ শনিবাৰে এক বিশেষ সুত্ৰৰ পম খেদি দীৰ্ঘদিন ধৰি পলাতক হৈ থকা দুৰ্ধষ ড্ৰাগছ আসক্ত আৰু ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে জোনাই থানাৰ সহকাৰী উপ পৰিৰ্দশক কৃষ্ণ কান্ত শৰ্মাই ৷

লগতে পঢ়ক:জৰাজীৰ্ণ দলঙে সংকট কঢ়িয়াইছে বকোৰ বগুৰীগুৰি-বটিয়ামাৰীবাসীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.