ধেমাজি,26 মাৰ্চ: শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ 47 টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এই ভোট গ্ৰহণকলৈ অতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ আন আন জিলাসমূহৰ দৰে ধেমাজি জিলা প্ৰশাসনো সাজু হৈছে ভোটগ্ৰহণৰ বাবে ৷
জিলাখনৰ 113 নং ধেমাজি বিধানসভা সমষ্টিৰ 356 টা ভোট গ্ৰহণ কেন্দ্ৰলৈ সামগ্ৰীসমূহ লৈ ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ চৌহদৰ পৰা সাজু হৈছে পুলিং, প্ৰিজাইডিং অফিচাৰ আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰ লোক সকল ৷
ধেমাজি কাছাৰী ময়দানৰ প্ৰশাসনে ব্যৱস্থা কৰা পৰিবহন কোষৰ পৰা বিভিন্ন বাহনেৰে গন্তব্যস্থানলৈ ৰাওনা হৈছে ভোটগ্ৰহনৰ দায়িত্বত নিয়োজিত হোৱা নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষী জোৱানসকলে ৷ উল্লেখ্য যে,113 নং ধেমাজি বিধানসভা সমষ্টিৰ 2,47,222 গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিব ৷ ইয়াৰে বিশেষভাৱে সক্ষম আৰু আশী ঊৰ্দ্ধৰ ভোটাৰ সকলৰ ভোটগ্ৰহণৰ বাবেও ইতিমধ্যে ব্যৱস্থা কৰিছে নিৰ্বাচনী বিভাগে ৷
লগতে পঢ়ক: নিৰ্বাচনী হিংসা: দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে চিপিআই(এম)ৰ কাৰ্যালয়