ETV Bharat / state

বাঁহৰ ঝাৰু বিক্ৰী কৰি স্বাৱলম্বী হৈছে ধেমাজিৰ তিনিটা পৰিয়াল - brooms

কৰ’ণা মহামাৰীৰ আতংকৰ সময়তেই বিভিন্নজনৰ জীৱিকাৰ পথ সলনি হোৱা পৰিলক্ষিত হৈছে ৷ তিনিটা পৰিয়ালৰ সৰ্বমুঠ ২৫ জন সদস্যই ব্যস্ত হৈ আছে এই কামটোত এই বাঁহৰ ঝাৰু সমুহ ৪০-১০০ টকা দৰত বিক্ৰী হয় বুলি জানিব পৰা গৈছে ৷

বাঁহৰ ঝাৰু বিক্ৰী কৰি স্বাৱলম্বী হৈছে ধেমাজিৰ তিনিটা পৰিয়াল

author img

By

Published : Oct 2, 2020, 8:16 PM IST

ধেমাজি, 2 অক্টোবৰ : তিনিটা পৰিয়ালে জীৱন নিৰ্বাহৰ বাবে বাচি উলিয়ালে স্বাৱলম্বিতাৰ পথ ৷ কৰ’ণা মহামাৰীৰ আতংকৰ সময়তেই বিভিন্নজনৰ জীৱিকাৰ পথ সলনি হোৱা পৰিলক্ষিত হৈছে ৷ তেনে সময়তেই ধেমাজিৰ তিনিটা পৰিয়ালে বাঁহৰ ঝাৰু বিক্ৰী কৰি স্বাৱলম্বিতাৰ পথ বাচি উলিয়াইছিল ৷

বাঁহৰ ঝাৰু বিক্ৰী কৰি স্বাৱলম্বী হৈছে ধেমাজিৰ তিনিটা পৰিয়াল

এই পৰিয়াল কেইটাই ২০১৬ চনৰ পৰাই বাঁহৰ ঝাৰু বিক্ৰী কৰা কামত আত্মনিয়োগ হৈ আহিছে৷ ইয়াৰ জৰিয়তে দাঙি ধৰিছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন ৷ ধেমাজিৰ বিষ্ণুপুৰ নাথ গাঁৱৰ প্ৰভাত দাস নামৰ যুৱক জনে পৰিয়ালৰ সকলো সদস্যক লগত লৈ ঘৰতে বাঁহৰ ঝাৰু প্ৰস্তুত কৰি নিজৰ চাইকেলেৰে ধেমাজি জিলাখনৰ চিলাপথাৰ,জোনাই,গোগামুখৰ লগতে ডিব্ৰুগড়,লখিমপুৰ,ঘিলামৰাটো বিক্ৰী কৰিছে ৷

ইয়াৰোপৰি তিনিচুকীয়া,তেজপুৰ আৰু গুৱাহাটীলৈও ঝাৰু সমুহ বিক্ৰীৰ বাবে পঠিওৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ তিনিটা পৰিয়ালৰ সৰ্বমুঠ ২৫ জন সদস্যই ব্যস্ত হৈ আছে এই কামটোত এই বাঁহৰ ঝাৰু সমুহ ৪০-১০০ টকা দৰত বিক্ৰী হয় বুলি জানিব পৰা গৈছে ৷ ইপিনে কৰ’ণা আতংক আৰু দীঘলীয়া লক ডাউনৰ সময়ছোৱাত পৰিয়ালকেইটায়ে যথেষ্ট অসুবিধাৰ মাজেৰে দিন কটাবলগীয়া হৈছিল যদিও চৰকাৰৰ ফালৰ পৰা কোনো সা-সুবিধা যোগান ধৰা নাছিল বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.