ধেমাজি, 7 জানুৱাৰী : ধেমাজিৰ হাতীগড় গাঁও পঞ্চায়ত কাৰ্যালয়ত বৃহস্পতিবাৰে ভি অ চি চি কাৰ্যালয় মুকলি কৰা হয় ৷ কাৰ্যালয়টোৰ উদ্বোধন কৰে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে ৷
ইয়াৰ পিছতেই হাতীগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী তিলোমনি পেগু কোঁৱৰৰ সভাপতিত্বত উদ্বোধনী সভা অনুষ্ঠিত কৰা হয় ৷ গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলা সকলে ভি অ চি চি কাৰ্যালয়ৰ জৰিয়তে চৰকাৰী মহিলা সবলীকৰণৰ আঁচনি বিষয়ে অধিক তথ্য লাভ কৰিবলৈ সক্ষম হব বুলি সভাত মন্তব্য কৰে ভি অ চি চিৰ ধেমাজি খণ্ডৰ পঞ্চায়তত দায়িত্বত থকা মহিলা বিষয়াসকলে ৷
![dhemaji-v-dot-o-c-dot-c-office-opening](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-dhemaji-vocc-office-opening-7jn-visspeech-as10021_07012021193607_0701f_1610028367_1052.jpg)
ইতিমধ্যে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ পাঁচটা পঞ্চায়ত ক্ৰমে হাতীগড় , মৰিধল , বিষ্ণুপুৰ ,চমৰাজান জীয়াঢল গাওঁ পঞ্চায়তত ভিঅচি চি কাৰ্যালয় মুকলি কৰি গ্ৰামাঞ্চলৰ মহিলা আৰু চৰকাৰী বিভাগৰ লগত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় অখিল গগৈৰ মুক্তি !