ETV Bharat / state

Worried about the recession : সমস্যাত পৰিছে ধেমাজিৰ খুচুৰা ব্যৱসায়ীসকল - Municipal taxes hiked

বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ধেমাজিৰ খুচুৰা ব্যৱসায়ীসকল (Problems of Dhemaji Retailers)। অনলাইন ব্যৱসায় বৃদ্ধি আৰু শ্বপিং মলৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে খুচুৰা ব্যৱসায়ীসকল বিপদত পৰিছে । বিহুৰ প্ৰাকক্ষণতো গ্ৰাহক নাই খুচুৰা বিপণীত ।

Worried about the recession
সমস্যাত পৰিছে ধেমাজিৰ খুচুৰা ব্যৱসায়ীসকল
author img

By

Published : Mar 24, 2023, 4:17 PM IST

সমস্যাত পৰিছে ধেমাজিৰ খুচুৰা ব্যৱসায়ীসকল

ধেমাজি,২৪ মাৰ্চ : সমাগত ৰঙালী বিহু । সচৰাচৰ এই সময়চোৱাত খুচুৰা বিপণীবোৰত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা যায় । কিন্তু সম্প্ৰতি সেই পৰিৱেশ এতিয়া নাই । বিশেষকৈ অনলাইন ব্যৱসায় আৰু শ্বপিং মলবোৰৰ বাবে এতিয়া খুচুৰা বিপণীলৈ যোৱা গ্ৰাহকৰ সংখ্যা কমি আহিছে (Problems of Dhemaji Retailers)। অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজিতো একেই পৰিৱেশ । যাৰবাবে চিন্তিত হৈ পৰিছে ব্যৱসায়ীসকল ।

এফালে মন্দাৱস্থা আৰু অত্যাধিক কৰৰ বোজা জাপি দিয়া হৈছে । সেয়ে জীৱন, জীৱিকা আৰু পৰিয়ালৰ কথা চিন্তা কৰি শংকিত হৈ পৰিছে একাংশ ব্যৱসায়ী (Dhemaji Retailers worried about recession) ৷ ক'ভিড পৰিস্থিতিৰ পাছত ব্যৱসায়ীৰ মুখলৈ কিঞ্চিত হাঁহি ঘূৰি আহিছিল যদিও শেহতীয়াকৈ ব্যাপক হাৰত বৃদ্ধি পোৱা অনলাইন ব্যৱসায় আৰু শ্বপিং মলে বিপদত পেলাইছে ব্যৱসায়ীসকলক ৷

চৰকাৰে কেৱল কৰ বৃদ্ধি কৰি সাধাৰণ ব্যৱসায়ী শ্ৰেণী আৰু নিবনুৱাসকলক কেৱল শোষণ লুণ্ঠন কৰাৰে অভিপ্ৰায় বুলি অভিযোগ কৰিছে ধেমাজি ব্যৱসায়ী সন্থাই ৷ সেয়ে বৰ্ধিত কৰ হ্ৰাস কৰাৰ লগতে অনলাইন ব্যৱসায় প্ৰতিষ্ঠানক নাকী লগাবলৈ চৰকাৰক অনুৰোধ জনাইছে ধেমাজি ব্যৱসায়ী সন্থাই (Demand of Dhemaji Retailers)৷

উল্লেখ্য যে এই সকলোবোৰ সমস্যা সামৰি ধেমাজি জিলা নাগৰিক সংস্থা আৰু ধেমাজি ব্যৱসায়ী সংস্থাই ৰাইজৰ সহযোগত অলপতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনায় কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লগতে ধেমাজি পৌৰ সভাৰ সভানেত্ৰীকো স্মাৰক পত্ৰ প্ৰদান কৰে ৷

বৰ্ধিত পৌৰ কৰ বাতিল কৰি পূৰ্বৰ কৰ বাহাল ৰাখিবলৈও দাবী জনাইছে স্থানীয় লোকসকলে (Municipal taxes hiked)৷ পৌৰ সভা এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠাসমূহৰ ব্যৱসায়িক পঞ্জীয়নৰ অতিৰিক্ত মাচুলৰো বিৰোধিতা কৰি ইয়াক হ্ৰাস কৰিবলৈ দাবী জনায় ৷ ইফালে ধেমাজি পৌৰ সভাৰ উন্নয়নৰ ক্ষেত্ৰতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে । সেয়ে আৰোপিত বৰ্ধিত কৰ নগৰবাসীয়ে সমৰ্থন নকৰে ৷

শেহতীয়াকৈ পৌৰ সভা এলেকাৰ বাসিন্দাসকলে বিদ্যুতৰ মাচুল আদায় দিয়া দুদিন পলম হ'লেই সংশ্লিষ্ট বিভাগে তৎকালীনভাৱে বিদ্যুত সংযোগ কৰ্তন কৰা কাৰ্যক বিৰোধিতা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷

লগতে পঢ়ক :Protests demanding eviction: উচ্ছেদ অভিযান চলোৱাৰ দাবীৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.