জোনাই, 12 জুলাই : চিলাপথাৰত পৰিত্যক্ত হৈ পৰিছে এটি চৰকাৰী কাৰ্যালয় । চৰকাৰী কাৰ্যালয়ত নাহে বিভাগৰ কাৰ্যবাহী অভিযন্তা । প্ৰাপ্ত অভিযোগ মতে চিলাপথাৰ নগৰৰ সমীপৰ কৈল্যাণ কেন্দ্ৰ পথত 2021 চনতেই প্ৰায় 50 লেচা ভূমিত লোক নিৰ্মাণ বিভাগৰ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল বিভাগটোৰ ধেমাজি জিলা ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ দুমহলীয়া কাৰ্যালয়টো । অৱশ্যে বৰ্তমান কাৰ্যালয়টোত মৰিশালি সদৃশ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।
কোটি টকা খৰচ কৰি চৰকাৰে নিৰ্মাণ কৰি উলিওৱা বিভাগটোৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো 2022 চনৰ জানুৱাৰী মাহত জোনাইৰ বিধায়ক ভুৱন পেগু আৰু জিলা উপায়ুক্তৰ উপস্থিতিত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই শুভ উদ্ধোধন কৰে ৷ কিন্তু মুকলিৰ এটা বছৰ সম্পূৰ্ণ কৰাৰ পাছতো এবাৰো কাৰ্যালয়টোত পদধূলা নপৰিল বিভাগীয় কাৰ্যবাহী অভিযন্তা গৰাকীৰ । যাৰ বাবে এতিয়া পৰিত্যক্ত গৃহত পৰিণত হৈছে কাৰ্যালয়টো । ভূত বাংলাত পৰিণত হৈছে চৰকাৰী বিভাগীয় বিষয়াৰ কাৰ্যালয়টো ।
মুকলি কৰা দিনৰ পৰা আজিলৈকে কাৰ্যালয়টোত দেখিবলৈ পোৱা নগ'ল কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীক । জানিব পৰা মতে, অভিযন্তাগৰাকীৰ চাকৰি চিলাপথাৰৰ কাৰ্যালয়ত যদিও ধেমাজিৰ পৰাই নিয়ন্ত্ৰণ কৰিছে কাম । উল্লেখযোগ্য যে, 2012 চনতেই স্থানীয় বীৰেণ চন্দ্ৰ পেগুৰ পৰিয়ালৰ দুজন সদস্যক স্থায়ী চাকৰি দিম বুলি চুক্তি কৰি পৰিয়ালটোৰ দখলত থকা ভূমিখিনি নুন্যতম মূল্যৰ বিনিময়ত বিভাগে অধীনত লয় । পৰৱৰ্তী সময়ত লোক নিৰ্মাণ বিভাগৰ ধেমাজি জিলা ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৰকাৰী কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা হয় যদিও এটা বছৰে কোনো চৰকাৰী বিষয়া কৰ্মচাৰী কাৰ্যালয়লৈ অহা পৰিলক্ষিত কৰা নাই স্থানীয় লোকে ।
যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মাটিৰ মালিকগৰাকীয়ে । চৰকাৰী ধন অপচয় কৰি কাৰ্যালয়ত ভৰি নিদিয়া এনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনেও লোৱা নাই কোনো ব্যৱস্থা । কাৰ্যালয়ত উপস্থিত নেথাকি 40 কিলোমিটাৰ দুৰত্বত থাকি কাৰ্যালয় চলোৱা বিভাগটোৰ কাৰ্যবাহী অভিযন্তাৰ লগতে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বুলি দাবী কৰা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।
লগতে পঢ়ক : MP Brij Bhushan Singh news : প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকৰ বুম ভাঙিলে বিতৰ্কিত বিজেপি সাংসদ ব্রিজ ভূষণে