ETV Bharat / state

ধেমাজি পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অবিৰত কৰ্মবিৰতি - ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিকত প্ৰতিষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যোৱা 10 টা মাহে দৰমহা লাভ নকৰাৰ প্ৰতিবাদত অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি পালন কৰিছে (Dhemaji Polytechnic employees on indefinite strike)৷

Dhemaji Polytechnic employees on indefinite strike

author img

By

Published : Sep 12, 2022, 10:18 PM IST

জোনাই, 12 ছেপ্টেম্বৰ: সদৌ অসম পলিটেকনিকসমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি পলিটেকনিতো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অবিৰত কৰ্মবিৰতি পালন কৰিছে ৷ চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিকত প্ৰতিষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যোৱা 10 টা মাহে লাভ কৰা নাই দৰমহা (Dhemaji Polytechnic employees on indefinite strike)৷

দহ মাহ ধৰি নিম্নতম দৰমহা লাভ নকৰাৰ ফলত চৰম সংকটত দিন কটাইছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰিয়ালে ৷ সোমবাৰে পুৱা ১০ বজাৰ পৰা ধেমাজি পলিটেকনিকৰ চৌহদত অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদকাৰীসকলে আমাৰ দৰমহা বৃদ্ধি কৰক, চতুৰ বৰ্গ কৰ্মচাৰীৰ দৰমহা মোকলাই দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, আমাৰ জীৱনৰ মূল্য আছে শীৰ্ষক দাবী সম্বলিত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ধেমাজি পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অবিৰত কৰ্মবিৰতি

ইফালে ৰাজ্যত প্ৰতিদিনেই নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে ৷ তেনে সময়তে কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ ধনকেইটাও নাপালে কেনেকৈ পৰিয়াল চলাব বুলি ক্ষোভ প্ৰকাশ কৰে ৷ 2017 চনত স্থাপিত প্ৰতিষ্ঠানখনত কৰ্মৰত কৰ্মচাৰীসকলে দৰমহাৰ ধন মোকলাই দিয়াৰ দাবী জনাই বহু আবেদন নিবেদন জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই বুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগী সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26,000 পদ নিযুক্তি দিয়াৰ পূৰ্বে আমাক স্থায়ী সমাধান দিয়ক ৷ আমি আজি 12 মাহ পৰ্যন্ত বিনা দৰমহাৰে কাম কৰি থাকিবলগীয়া হৈছে ৷ চৰকাৰখনে আমাৰ পৰিয়ালবোৰৰ মুখলৈ চাই আমাক মাহে মাহে দৰমহাটো দিয়ক ৷ আমাকো চৰকাৰে গুৰুত্ব প্ৰদান কৰক ৷

উল্লেখ্য যে ২০১৭ চনত প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যখনৰ ১১ খন পলিটেকনিক আৰু আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দহমাহ ধৰি দৰমহা লাভ কৰা নাই ৷ দীৰ্ঘদিন ধৰি বেতন বঞ্চিত কৰ্মচাৰী সকলক চৰকাৰে চৰম অৱহেলা কৰাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰি কৰিছে ৷ আজি বৰপেটা পলিটেকনিকৰ চৌহদতো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (4th grade employees on protest)৷

লগতে পঢ়ক: বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.