ETV Bharat / state

ধেমাজিত 45 লাখ টকীয়া পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী ৰিহন দৈমাৰীৰ - Etv Bharat

ধেমাজিত 45 লাখ টকীয়া পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী ৰিহন দৈমাৰীৰ ৷  2024 ভিতৰত সকলোৰে ঘৰে ঘৰে পানী যোগান ধৰা লক্ষ্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৷

ধেমাজিত 45 লাখ টকীয়া পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী ৰিহন দৈমাৰীৰ
author img

By

Published : Jul 4, 2019, 7:43 AM IST

ধেমাজি , 4 জুলাই : বুধবাৰে ধেমাজিৰ গুৱাল গাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন 45 লাখটকীয়া পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ আঁচনিখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত খোৱাপানীৰ ক্ষেত্ৰত বহু নতুন আঁচনি গ্ৰহণ কৰাৰ লগতে কেইবাখনো আঁচনি নিৰ্মীয়মান অৱস্থাত থকাৰ কথা সদৰি কৰে ৷ মন্ত্ৰী দৈমাৰীয়ে আঁচনিসমূহ তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে ৷ তেওঁ লগতে ৰাজ্যত বিকল হৈ থকা আঁচনিসমূহ পুনৰ মেৰামতিৰ ব্যৱস্থা কৰি পানী যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৷

ধেমাজিত 45 লাখ টকীয়া পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী ৰিহন দৈমাৰীৰ

ইয়াৰ উপৰি 2024 চনৰ ভিতৰত প্ৰতি ঘৰে ঘৰে খোৱাপানী যোগান ধৰাৰ লক্ষ্য আগত ৰাখি ইয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, ধেমাজিৰ পানী যোগান আঁচনিখন মুকলিৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বন্ধপ্ৰায় পানী যোগান আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে ধেমাজি আৱৰ্ত ভৱনত জনস্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰে সৈতে আলোচনাত মিলিত হয় । আনহাতে পানী যোগান আঁচনি উদ্বোধনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে থাকে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুচাহাৰী |

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.