ETV Bharat / state

খবৰ আঁৰৰ খবৰ : ৰ’দ-বৰষুণো যাৰ বাবে নহয় প্ৰত্যাহ্বান - দৈনিক কাকতখন মেলি

News Paper Hawker : পুহমহীয়া ঠেঁটুৱৈ ধৰা শীতকো নেওচি ঢলপুৱাতেই খবৰ বিলোৱাসকলৰ খবৰ কোনোবাই ৰাখিছেনে ? পুৱাৰ চাহ কাপৰ সৈতে আমেজ ল’বৰ বাবে একাংশ লোকৰ বাবে দৈনিক কাকতখন মেলি চোৱাটো নিত্য নৈমিত্তিক কাৰ্য ৷ আপুনি বা মই যেতিয়া শীতৰ বাবে কম্বলৰ তলত আমেজ লৈ সুখনিদ্ৰাত থাকো তেতিয়া সামান্য পাৰিতোষিকৰ বাবে ঢলপুৱাতে বিচনা ত্যাগ কৰে খবৰ বিলোৱা মানুহজনে ৷ খবৰৰ আঁৰৰ খবৰৰ সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

Dhemaji News Paper Hawkers
খবৰ কাগজৰ গৰিমা
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:39 PM IST

খবৰ আঁৰৰ খবৰ

ধেমাজি, ২ জানুৱাৰী : জীৱন... ৷ প্ৰত্যেকৰে মতে জীৱনৰ সংজ্ঞা ভিন্ন ৷ জীৱন মানে কাৰোবাৰ মতে এক সংগ্ৰাম ৷ আন কাৰোবাৰ মতে জীৱন হৈছে সফলতাৰ এক মাপকাঠি ৷ কোনো উৰুখা পঁজাত পুৱাৰ শেতেলি ত্যাগ কৰি কোনো শ্ৰমিক, মজদুৰ, হকাৰ বা খাটিখোৱা লোকে সাধাৰণতে দিনটোৰ আৰম্ভণি ব্ৰেকফাষ্ট অথবা প্ৰাতঃভ্ৰমণেৰে আৰম্ভ নকৰে । এয়া যেন বহুতৰে বাবে বিলাসিতা !

ইয়াৰ বিপৰীতে এইসকল লোকৰ কোনোৱে যদি দা বা কোৰখন লৈ বোৱাৰী পুৱাতে ঘৰৰ পৰা ওলাই যায়, আন কোনোৱে আকৌ দেশ-বিদেশৰ বহু খবৰ টোপোলাত কঢ়িয়াই বিলাই যায় ৰাইজক৷ এয়াই তেওঁলোকৰ বাবে জীৱন...

আপুনি বাৰু কেতিয়াবা মন কৰিছেনে, আপুনি শেতেলিত থাকোতেই যিজন মানুহে দেশ-বিদেশৰ সকলোবোৰ মেটমৰা খবৰ সামৰি বাতৰি কাকতখন আপোনাৰ পদুলিত দি থৈ যায় সেইজন মানুহক ? কেতিয়াবা বাৰু জুমি চোৱাৰ চেষ্টা কৰিছেনে তেওঁৰ ভিতৰখন ?

কোনোবাই বাৰু ৰাখিছেনে এই খবৰ বিলোৱা মানুহকেইজনৰ খবৰ ! কিন্তু সেই মানুহকেইজনৰ বাবে প্ৰতি পুৱাই হাতত একাপ চাহ লৈ ৰৈ থাকে আপুনি বা মই ৷ কেতিয়াবা হয়তো আপুনি ভাবে- কিয় ইমান পলম হৈছে আজি পেপাৰখন দিওতে !

এনেকৈ দেশ-বিদেশৰ খবৰ বিলোৱা ধেমাজিৰ এজন লোক হৈছে ডালিম দাস ৷ ধেমাজি সদৰৰ অন্যতম কাকত এজেন্সী সত্ৰ বুক ষ্টলৰ স্বত্বাধিকাৰী ডালিম দাসে ১৯৯৫ চনৰে পৰা ধেমাজিবাসীক পুৱা-আবেলি কাকত যোগান ধৰি আহিছে ৷ প্ৰচণ্ড শীত অথবা উৎকট গৰম, বাৰিষাৰ বৰষুণ, বানপানী আদি সকলো সময়তে পঢ়ুৱৈৰ হাতত পুৱাই খমখমীয়া কাকতখন তুলি দিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে তেওঁ ৷

আনকি প্ৰচণ্ড শীতৰ সময়তো আনে গৰম কাপোৰৰ মাজত শুই থকাৰ সময়ত প্ৰত্যকজন হকাৰে পুৱা ৩-৪ বজাতেই সাৰ পায় ৷ তাৰ পাচতে প্ৰত্যেক দিনাই কৰি যায় নিত্য নৈমত্তিক কাম কাজবোৰ ৷ প্ৰথম অৱস্থাত গুৱাহাটীৰ পৰা অহা নৈশ বাছত কাকতৰ টোপোলা আহিছিল ৷

এতিয়া বগীবিল দলঙেৰে ধেমাজি জিলাৰ সংযোগ স্থাপন হোৱাৰ পিচৰে পৰা ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা পুৱাই পায়হি কাকতৰ টোপোলা ৷ উদাৰচিতীয়া এজেন্সীৰ স্বত্বাধিকাৰী ডালিম দাসে হকাৰ অহাৰ আগতেই নিজে উঠি আহি দোকানৰ সন্মুখত কাকতৰ টোপোলা খুলি তুলি দিয়ে পঢ়ুৱৈৰ হাতত ৷ এনেদৰে তেওঁ মুঠ ১৪ গৰাকী লোকক পৰিয়াল চলোৱাত যথেষ্ট সকাহ দি আহিছে ৷

সাতগৰাকী স্থানীয় উপ এজেন্সী আৰু সাতগৰাকী হকাৰে কাউৰীয়ে কা নৌকৰোতেই দোকানৰ সন্মুখত হাজিৰ হৈ নিজৰ নিজৰ কাকতসমূহ সামৰি প্ৰতিজন পঢ়ুৱৈৰ জপনামুখলৈ ঢাপলি মেলে ৷ কাৰণ এই কাম কৰিয়ে কেইবাগৰাকী শিক্ষিত যুৱকে নিজৰ পঢ়াৰ লগতে ঘৰৰ খৰচো উলিয়াই আছে ৷

সত্ৰ বুক ষ্টল এণ্ড কাকত এজেন্সীটোত উপলব্ধ বিভিন্ন স্কুল-কলেজৰ কিতাপৰ লগতে অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আমাৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী, অগ্ৰদূত, সাদিন, নিয়মীয়া বাৰ্তা, অসম আদিত্য, আসাম ট্ৰিবিউন, দৈনিক জনমভূমি আদি ৷

এইক্ষেত্ৰত ডালিম দাসে জনোৱা মতে তেওঁ লকডাউনৰ পূৰ্বে জিলাখনত তিনি হাজাৰৰো অধিক কাকত পঢ়ুৱৈৰ হাতত তুলি দিছিল যদিও লকডাউনৰ পিচত অভূতপূৰ্বভাৱে ইয়াৰ সংখ্যা আধালৈ হ্ৰাস পায় ৷ লগতে সাম্প্ৰতিক সময়ত ম’বাইলতে ভিন্ন খবৰ, ই-পেপাৰ উপলব্ধ হোৱাত পূৰ্বৰ তুলনাত কাকতৰ চাহিদাও উদ্বেগজনকভাৱে হ্ৰাস পাইছে ৷

তথাপিও কিন্তু হেৰাই যোৱা নাই খবৰ কাগজৰ গৰিমা ৷ পৃথিৱী যিমানেই ডিজিটেল নহওক কিয়, বাতৰি কাকতৰ সেই মাদকতা সদায়েই থাকিব ৷

লগতে পঢ়ক : চল্লিশ বছৰে বাতৰি বিলায়েই পৰিয়াল পোহপাল দিয়া মানুহজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.