ধেমাজি, 27 জুন: 26 ডিচেম্বৰ পৰা 29 ডিচেম্বৰলৈকে চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজিত অনুষ্ঠিত হ'ব সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ । সমাৰোহখনিৰ প্ৰাৰম্ভিক কাম-কাজৰ অগ্ৰগতি তথা সকলোপক্ষৰ পৰা সহযোগিতা বিচাৰি বুধবাৰে ধেমাজি প্ৰেছক্লাৱত আদৰণি সমিতিয়ে অনুষ্ঠিত কৰে এখন সংবাদমেল । আদৰণি সমিতিৰ সভাপতি ড0 দীপক কুমাৰ নেওগ আৰু সাধাৰণ সম্পাদক নৱজ্যোতি দত্তই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, 22 খন উপসমিতিয়ে সমাৰোহৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰিছে । ইয়াৰোপৰিও, ৰাজ্যৰ প্ৰায় 4000 শিশুৰ লগতে পৰিচালকসকলে অংশগ্ৰহণ কৰিব সমাৰোহখনিত ৷ লগতে, ইয়াৰ লগত সংগতি ৰাখি তিনিশ পৃষ্ঠাজোৰা এখন স্মৰণিকা প্ৰকাশ কৰাৰো প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে ।
ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক শিশু সমাৰোহখনি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সহায়-সহযোগিতা বিচাৰি সংবাদমেলৰ যোগেই ৰাইজক আহ্বান জনাই আদৰণি সমিতিয়ে ।