ধেমাজি,২৮ ডিচেম্বৰ : শেহতীয়াকৈ দেশত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ আৰম্ভ হৈছে (Omicron cases in India)। দেশৰ বিশেষজ্ঞসকল এতিয়া অ'মিক্ৰণক লৈ পৰীক্ষা নিৰীক্ষা কৰাত ব্যস্ত । তেনে সময়তে অসমৰ ধেমাজি জিলাৰ এগৰাকী যুৱকৰ বিশেষ উদ্ভাৱন ।
যুৱকজনৰ মতে, ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ঔষধৰ ফৰ্মূলা প্ৰস্তুত কৰিছে পংকজ গগৈ নামৰ যুৱকজনে (Man claims to have developed medicine against covid virus)। যুৱকজনে দাবী কৰা মতে, ভাৰত চৰকাৰৰ জীৱ বিজ্ঞান সংস্থাৰ পৰীক্ষাগাৰত এই ঔষধ ৯৮ শতাংশ কাৰ্যকৰী হ'ব বুলি প্ৰমাণিত হৈছে । ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেলযোগে এই কথা সদৰি কৰে যুৱকজনে ।
ধেমাজি ভেহপৰা গাঁৱৰ নিবাসী পংকজ গগৈয়ে জনোৱা মতে লকডাউনৰ সময়ত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি তেওঁ উত্তৰ-পূবাঞ্চলত উপলব্ধ কেইবাবিধো বনৌষধি গছৰ এক সংমিশ্ৰণ প্ৰস্তুত কৰিছে । তাৰ পাছত বিভাগীয় বিষয়াৰ সৈতে যোগাযোগ কৰি ভাৰত চৰকাৰৰ জীৱ বিজ্ঞান সংস্থাৰ গৱেষণাগাৰলৈ Ec50 of Herbal drink against SARC COV2 নামৰ এই ফৰ্মূলাৰ নমুনা প্ৰেৰণ কৰে ৷
তেওঁ দাবী কৰা মতে, গৱেষণাৰ অন্তত এইটো নিশ্চিত হৈছে যে এই ঔষধ ভাইৰাছৰ বিৰুদ্ধে ৯৮ শতাংশ কাৰ্যকৰী হ'ব । নিজৰ উদ্ভাৱনক লৈ যথেষ্ট আনন্দিত যদিও এতিয়াও বহু কাম বাকী আছে । চৰকাৰী স্বীকৃতি বা ব্যৱসায়ৰ অনুমতিৰ বাবে এতিয়াও বহুতো কাম আছে বুলি মন্তব্য কৰে যুৱকজনে । সেয়েহে এই ক্ষেত্ৰত বিজ্ঞজনৰ দিহা পৰামৰ্শ আৰু ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে পংকজ গগৈয়ে ।
লগতে পঢ়ক : মে'ৰ পৰা পাণ্ডুত আৰম্ভ হ'ব জাহাজ মেৰামতিৰ কাম : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল