ETV Bharat / state

মাছ মাৰিবলৈ নিদিয়াৰ বাবেই মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে - Dhemaji local people aggressive for not allow Fishing etv Bharat Assam

মাছ মৰাত বাধা দিয়াৰ বাবে অভিযানকাৰী দলটোৰ ওপৰত সৰৱ হৈ পৰে সকলো পুৰুষ মহিলা ৷ দলে-বলে হাতে হাতে লাঠী লৈ অভিযানকাৰী দলটোক পথত আগচি ধৰি জব্দ কৰা জালসমূহ ওভতাই বিচাৰে লোকসকলে ৷ অৱশেষত তিনিখন জাল বলপূৰ্বকভাবে ওভতাই লোৱাৰ পিছত হে অভিযানকাৰী দলটোক উক্ত স্থান পৰিত্যাগ কৰাৰ অনুমতি দিয়ে মাছমৰীয়া লোকসকলে ৷

মাছ মাৰিব নিদিয়া বাবে মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে

author img

By

Published : May 6, 2020, 7:42 PM IST

ধেমাজি , 6 মে: সজাগতাৰ অভাৱে বিপৰ্যয় কঢ়িয়াইছে ৰাজ্যবাসীৰ মাজত ৷ বুধবাৰে ধেমাজীত মাছ মাৰিবলৈ নাপাই মীন বিষয়াক উভতি ধৰে একাংশ লোকে ৷ ঘটনা সন্দৰ্ভত জিলাখনৰ মাছখোৱা উন্নয়ন খণ্ডৰ অন্তগৰ্ত বৰলুং পঞ্চায়তৰ অধীনৰ লাইপুলীয়া নদীত স্থানীয় ৰাইজে মাছ মৰাৰ সম্ভেদ পাই ধেমাজি জিলা মীন বিভাগে ৷ ততাতৈয়াকৈ আৰক্ষী দলৰ সৈতে গৈ সেই স্থানত উপস্থিত হৈ মাছ মৰাত বাধা প্ৰদান কৰি কেইবাখন জাল জব্দ কৰে মীন বিভাগে ৷

মাছ মাৰিব নিদিয়া বাবে মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে

আনহাতে মাছ মৰাত বাধা দিয়াৰ বাবে অভিযানকাৰী দলটোৰ ওপৰত সৰৱ হৈ পৰে সকলো পুৰুষ মহিলা ৷ দলে-বলে হাতে-হাতে লাঠি লৈ অভিযানকাৰী দলটোক পথত আগচি ধৰি জব্দ কৰা জালসমূহ ওভতাই বিচাৰে লোকসকলে ৷ অৱশেষত তিনিখন জাল বলপূৰ্বকভাবে ওভতাই লোৱাৰ পিছত হে অভিযানকাৰী দলটোক উক্ত স্থান পৰিত্যাগ কৰাৰ অনুমতি দিয়ে মাছমৰীয়াসকলে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.