ETV Bharat / state

বেবীক সহায়ৰ বাবে আগবাঢ়ি আহিবনে কোনো সদাশয় ব্যক্তি ?

author img

By

Published : Sep 29, 2022, 10:00 PM IST

জোনাইৰ পিতৃ-মাতৃহীন এগৰাকী যুৱতীৰ কৰুণ জীৱন গাঁথা । কিডনী দুটা বিকল হোৱাত হতাশাত ভুগিছে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে । দুৰ্ভগীয়া ছাত্ৰী গৰাকী তথা পৰিয়ালে বিচাৰিছে উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰ তথা সদাশয় ৰাইজৰ পৰা কিছু আৰ্থিক সাহাৰ্য ।

Dhemaji Girl need help for treatment
বেবীক সহায়ৰ বাবে আগবাঢ়ি আহিবনে কোনো সদাশয় ব্যক্তি

জোনাই, 29 ছেপ্টেম্বৰ: জোনাইৰ উজনি বিজয়পুৰ গাঁৱৰ এগৰাকী পিতৃ-মাতৃহীন যুৱতীৰ দুটা কিডনী বিকল হোৱাত হতাশাত ভুগিছে পৰিয়ালটোৰ লগতে বেবী মেদক(21) নামৰ যুৱতীগৰাকীয়ে (Dhemaji girl need help) । জানিব পৰামতে একাদশ শ্ৰেণীত অধ্যয়নৰত বেবী মেদকে প্ৰায় ছমাহ আগৰে পৰা দুৰাৰোগ্য ৰোগত ভুগি আছিল ।

বেবীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যায় পৰিয়ালৰ লোকে (Dhemaji Girl need help for treatment) । চিকিৎসকে বেবীক পৰীক্ষা কৰাৰ পাছত তেওঁৰ দুটা কিডনী বিকল হোৱাৰ কথা জানিবলৈ দিয়ে ৷ এই তথ্য লাভ কৰাৰ পাছত বেবীৰ লগতে পৰিয়ালৰ লোকে হতাশাত ভোগে ৷

বেবীৰ চিকিৎসাৰ বাবে উপায়হীন হৈ দৰিদ্ৰ পৰিয়ালটোৰ লগতে স্থানীয় লোকে এতিয়া চৰকাৰ তথা কোনো হৃদয়বান লোকৰ পৰা সহায়ৰ আহ্বান জনাইছে ৷ পিতৃ-মাতৃহীন যুৱতীগৰাকী তথা পৰিয়ালৰ লোকে বেবীৰ উন্নত চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় জন-প্ৰতিনিধি তথা মানৱ দৰদী হৃদয়ৱান সমাজত কিছু আৰ্থিক সাহাৰ্য বিচাৰিছে ৷

কোনো সদাশয় ব্যক্তিয়ে বেবী মেদক সহায় কৰিব বিচাৰিলে তলত উল্লেখ কৰা একাউণ্ট নম্বৰত আৰ্থিক সাহাৰ্য আগবঢ়াই সহায় কৰিব পাৰিব ৷ নতুবা 9016891927 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Bank Name- Allahabad Bank

Account Number - 59147200664

IFSC - ALLA0211389

Branch Name: Laimekuri

Phone: 9016891927

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.