ধেমাজি, 1 জুলাই : জীয়াঢলৰ বানত প্ৰতিবছৰে সর্বস্বান্ত হৈ আহিছে ইয়াৰে নৈপৰীয়া মিচিং জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ লোক সকল ৷ কিন্তু জীয়াঢল নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত মিচিং স্বায়ত্ত্বশাসিত পৰিষদে পূঁজি আৱণ্টনৰ নামত কেৱল কৰি আহিছে লুণ্ঠন ৰাজ ৷ খহনীয়া ৰোধৰ নামত কেৱল কেইডালমান বাঁহ আৰু বস্তা দিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে পৰিষদটোৰ ওপৰত ৷
মঙলবাৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ দুৰ্নীতিক লৈ সৰৱ হৈ পৰে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নিতু বৰগোঁহাই ৷ পৰিষদক তীব্ৰ প্ৰত্যাহ্বান জনায় তেওঁ প্ৰশ্ন কৰে, চৰকাৰে দিয়া 370 কোটি টকা কি কৰিলে মিচিং স্বায়ত্ত্বশাসিত পৰিষদে ৷ জনগোষ্ঠীটোৰ উন্নয়নৰ নামতো একো কৰা নাই পৰিষদটোৱে ৷ তেন্তে মিচিং ৰাইজৰ গাঁৱে-গাঁৱে গৈ ইয়াৰ খতিয়ান দাঙি ধৰিব লাগিব বুলি কয় নিতু বৰগোঁহাইয়ে ৷
ইপিনে ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগুকো তীব্ৰ সমালোচনা কৰে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে ৷
উল্লেখ্য যে, কংগ্ৰেছৰ অভিযোগ পত্ৰ কাৰ্যসূচী অনুসৰি অঞ্চলটোত মঙলবাৰে ধেমাজি জিলা কংগ্ৰেছৰ এটা সজাতি দলে জিলাখনৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি ৰাইজৰ দুৰৱস্থাৰ বুজ লয় আৰু চৰকাৰ তথা মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মিথ্যাচাৰৰ বিষয়ে সৰৱ হৈ পৰে দলটো ৷
লগতে চাওক-বানৰ কবলত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য