ETV Bharat / state

ধেমাজিত 28 তম্ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন - চিচি চাৰি আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়

ধেমাজি জিলাৰ শিশু বিজ্ঞান সমাৰোহৰ বাৰ্ষিক অধিৱেশনখনি অনুষ্টুপীয়াকৈ শনিবাৰে ধেমাজি জিলা চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ 60 ৰো অধিক প্ৰকল্প আৰু আৰ্হি উপস্থাপন কৰা হয় সমাৰোহত ৷

dhemaji-completes-28th-national-childrens-science-convacation
ধেমাজিত 28 তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন
author img

By

Published : Dec 19, 2020, 7:50 PM IST

ধেমাজি, 19 ডিচেম্বৰ : ধেমাজি জিলাৰ শিশু বিজ্ঞান সমাৰোহৰ বাৰ্ষিক অধিৱেশনখনি শনিবাৰে ধেমাজি জিলা চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ সেই উদ্দেশ্যে পুৱা পঞ্জীয়ন, স্মৃতি তৰ্পন আৰু পতাকা উত্তোলন কৰাৰ পিচতেই শপত বাক্য পাঠ কৰে দেৱৰ্শী কোঁৱৰ আৰু পৰিস্মিতা বুঢ়াগোহাঁইয়ে ৷

পুৱা 10 বজাত উদ্বোধনী অনুষ্ঠান আৰু সমান্তৰালভাৱে প্ৰকল্প আৰু আৰ্হি উপস্থাপন অনুষ্ঠানৰ আঁত ধৰে 28 সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক মেঘনাথ টায়ে ৷ ইয়াৰ পিচতেই মৃদুপৱন চুতীয়াই সম্পাদনা কৰি উলিওৱা স্মৃতি গ্ৰন্থ 'সন্ধান' উন্মোচন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই ৷

ধেমাজিত 28 তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন

সমন্বয়ক মেঘনাথ টায়ে জনোৱা মতে, 60 ৰো অধিক প্ৰকল্প আৰু আৰ্হি উপস্থাপন কৰা হয় সমাৰোহত ৷ সমাৰোহখনিত 10 ৰ পৰা 17 বছৰ বয়সৰ প্ৰায় 6 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ লগতে, কেইবাগৰাকী শিশু বিজ্ঞানী, শিক্ষক-শিক্ষয়িত্ৰী, বিজ্ঞান সমাৰোহৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি আৰু অতিথি উপস্থিত থাকে ৷

লগতে পঢ়ক : AJPৰ সভাপতি লুৰীণ জ্যোতি গগৈক ডিব্ৰুগড়ত উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.