ETV Bharat / state

22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী

ধেমাজিৰ কুলাজান চিতলমাৰীত 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ সভা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে নিশা পত্নী সহিতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, ৰণোজ পেগু আৰু ভূৱন পেগু আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে এই স্থান পৰিদৰ্শন কৰে ৷

author img

By

Published : Feb 16, 2021, 12:27 PM IST

22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী
22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী

ধেমাজি,16 ফেব্ৰুৱাৰীঃ 22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মাজুলী আৰু চিলাপথাৰত দুখনকৈ বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোডীয়ে ৷ উল্লেখযোগ্য যে, ইয়াৰে এখন সভাত ডিজিটেল মাধ্যম আৰু আনখনত খোদ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব ৷ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময় ক্ৰমাৎ সমাগত ৷ সেয়ে এইখন সভাই শেষৰখন বৃহৎ জন সভা হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে ৷

22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী

সোমবাৰে নিশাৰ ভাগত ধেমাজিৰ কুলাজান চিতলমাৰীত প্ৰধানমন্ত্ৰী মোডীৰ সভা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পত্নী সহিতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, ৰণোজ পেগু আৰু ভূৱন পেগু আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত চিতলমাৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰি কাম-কাজৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে ৷ তাৰপিছতে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, এইখন সভাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্বোধন কৰিব ৷

22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী

ইফালে দীৰ্ঘদিন ধৰি চলি অহা চৰ্চাৰ অৱসান ঘটাই সোমবাৰে গেৰুৱা বসন পিন্ধিলে গণশক্তি অসম দলৰ একমাত্ৰ বিধায়ক ভূৱন পেগুৱে ৷ উল্লেখযোগ্য যে, জোনাই সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভাৰ মজিয়ালৈ ৰাইজৰ বিপুল ভোটৰ সঁহাৰি লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত ভূৱন পেগুৰ বিজেপিৰ আগমনক লৈ বহুদিনীয়া জল্পনা-কল্পনা চলি আছিল ৷ বিজেপিত যোগদান কৰাৰ পিছতে সমষ্টিটোত উপস্থিত হৈ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এতিয়াৰ পৰা বহল পৰিৱেশত কাম-কাজ কৰাৰ সুযোগ লাভ কৰিব ৷

লগতে পঢ়কঃ গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.