ETV Bharat / state

ধেমাজিত বিজেপিৰ জিলা সাংগঠনিক সভাঃ 21ৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা

author img

By

Published : Jan 29, 2021, 5:54 PM IST

জিলা সভাপতি প্ৰেম দত্তৰ নেতৃত্বত শুকুৰবাৰে ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপিৰ জিলা সাংগঠনিক সভাখন অনুষ্ঠিত কৰা হয় ৷ সভাত 2021ৰ নিৰ্বাচন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷

Dhemaji_bjp_central_leader_meeting
বিৰোধীৰ মহাজোটেঁ আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় : পৱন শৰ্মা

ধেমাজি,29 জানুৱাৰী : ৰাজ্যত এতিয়া মৃদু-মৃদুকৈ ববলৈ আৰম্ভ কৰিছে নিৰ্বাচনীৰ গৰম বতাহ ৷ যিমানেই 2021 ৰ নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দল-সংগঠনৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই শাসকীয় দল ‘ভাৰতীয় জনতা পাৰ্টী’ ৷ শুকুৰবাৰে ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপিৰ এখন জিলা সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় ৷ জিলা সভাপতি প্ৰেম দত্তৰ নেতৃত্বত এই সভাখন অনুষ্ঠিত কৰা হয় ৷

ধেমাজিত অনুষ্ঠিত এই সভাত দলটোৰ ৰাষ্ট্ৰীয় সহ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূৱৰ প্ৰভাৰী অজয় জামোৱাল, ধেমাজি সমষ্টিৰ বিধায়ক ৰনোজ পেগুকে ধৰি জিলা সমিতিৰ বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে ৷ এই সভাতে আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰাৰ সমান্তৰলকৈ চৰকাৰে লোৱা জনমুখী আচঁনি সমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় সহ প্ৰভাৰী পৱন শৰ্মাই ৷

উল্লেখ্য যে, বিৰোধীৰ মহাজোটেঁ আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সহ প্ৰভাৰী পৱন শৰ্মাই ৷

তাৰ পৰিৱৰ্তে পুনৰবাৰ বিজেপি দলে বিপুল ভোট লাভ কৰি চৰকাৰ গঠন কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সহ প্ৰভাৰী গৰাকীয়ে ৷

আনকি প্ৰাৰ্থীত্ব প্ৰদানৰ সন্দৰ্ভত নিৰ্বাচনী সমিতয়ে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সহ প্ৰভাৰী পৱন শৰ্মাই ৷

লগতে পঢ়ক : চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.