ETV Bharat / state

সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে চিলাপথাৰত আছুৰ সংকল্প দিৱস

author img

By

Published : Mar 6, 2020, 6:50 PM IST

পৰৱৰ্তি সময়ত মুখ্য উপদেষ্টাগৰাকীয়ে সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ পৰামৰ্শ প্ৰদান কৰে । ইয়াত কোনো মৌলবাদী আৰু বাংলাদেশী স্থান নাপাই বুলিও মন্তব্য কৰে মুখ্য উপদেষ্টাগৰাকীয়ে ৷ আয়োজিত সভাত ৰাইজক উদ্দেশ্যে উদাত্ত ভাষণ আগবঢ়াই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ।

চিলাপথাৰত আছুৰ সংকল্প দিৱস
চিলাপথাৰত আছুৰ সংকল্প দিৱস

ধেমাজি , 6 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন আৰু সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে সদৌ ধেমাজি জিলা আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে সংকল্প দিৱস পালন কৰা হয় । দিনটোৰ আৰম্ভণিতে চিলাপথাৰ আছুৰ কাৰ্যালয়ৰ শ্বহীদ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্যই বন্তি প্ৰজ্বলন কৰে ।

চিলাপথাৰত আছুৰ সংকল্প দিৱস

পৰৱৰ্তি সময়ত মুখ্য উপদেষ্টাগৰাকীয়ে সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ পৰামৰ্শ প্ৰদান কৰে । ইয়াত কোনো মৌলবাদী আৰু বাংলাদেশী স্থান নাপাই বুলিও মন্তব্য কৰে মুখ্য উপদেষ্টাগৰাকীয়ে ৷ আয়োজিত সভাত ৰাইজক উদ্দেশ্যে উদাত্ত ভাষণ আগবঢ়াই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । সম্পাদকগৰাকীয়ে কয় এয়া ছাত্র সন্থাৰ সংকল্প নাছিল , এয়া জাতীয় জীৱনৰ সংকল্প জাতি সত্বাৰ সংকল্প আছিল ।

উল্লেখ্য যে 2017 চনৰ 6 মাৰ্চৰ দিনটোতে নিখিল ভাৰত উদ্ধাস্ত সমন্বয় সমিতি চমুকৈ নিৱাচ নামৰ অখ্যাত সংগঠনটোৱে চিলাপথাৰৰ আছুৰ কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে শ্বহীদ বেদীত আক্ৰমণ কৰিছিল । ফলত সমগ্র ৰাজ্য প্ৰতিবাদমুখী হৈ পৰিছিল । আৰক্ষীয়ে এই ঘটনাৰ মূল কালপ্ৰিত তথা অভিযুক্ত সুবোধ বিশ্বাসৰ লগতে ঘটনাত সাঙুৰ খাই থকা 53 গৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰিছিল । বৰ্তমানেও চিলাপথাৰ কাণ্ডৰ গোচৰ ন্যায়ালয়ৰ মজিয়াত চলি আছে ।

লগতে পঢ়কঃ CAA বিৰোধীতাৰে বঙাইগাঁৱত আম আদমি পাৰ্টিৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.