ETV Bharat / state

নিৰ্মাণৰ এমাহৰ পিছতে ধেমাজিত অংগনৱাড়ী কেন্দ্ৰৰ বিধ্বস্ত অৱস্থা

author img

By

Published : Jan 4, 2021, 8:09 PM IST

ধেমাজিত নিৰ্মাণৰ এমাহৰ পিছতে চপৰা চপৰে এৰিল অংগনৱাড়ী কেন্দ্ৰৰ বাৰাণ্ডাৰ পকী মজিয়া । মৰিঢল পঞ্চায়তৰ ২নং খজুৱা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ঠিকাদাৰ আৰু বিভাগীয় বিষয়াই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ধেমাজিত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

ধেমাজি, ৪ জানুৱাৰী: ধেমাজিৰ মৰিঢল পঞ্চায়তৰ ২ নং খজুৱা অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৫ লাখ টকা ব্যয় সাপেক্ষে এমাহ পূৰ্বে ধেমাজি সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধিনত থকা অংগনৱাড়ী কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল । কিন্তু এতিয়া কেন্দ্ৰটোৰ বাৰাণ্ডাৰ পকী মজিয়া হাতেৰে মোহাৰি দিলে চপৰা চপৰে এৰি আহে ।

খিৰিকীবোৰে ভালদৰে জপাব নোৱাৰি । কেন্দ্ৰটোৰ দেৱালবোৰৰ পৰাও বালি ওলাই আহিছে । কম প্ৰাবল্যৰ ভূমিকম্প আহিলেই কেন্দ্ৰটো খহি পৰি ভয়াৱহ অঘটন সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । এই কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু সমাজ কল্যাণ বিভাগৰ বিষয়াই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাই । নিৰ্মাণৰ পিছতে বিধ্বস্ত হ'বলৈ ধৰা কেন্দ্ৰটোলৈ অহা কণ কণ শিশুৰ জীৱনৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে গৃহটোৰ দায়িত্বত থকা সহায়িকা আৰু কৰ্মীগৰাকী ৷

লগতে পঢ়ক:মাজুলী কমলাবাৰীস্থিত পাঞ্জাৱ নেচনেল বেংকত অপ্ৰীতিকৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.