ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত জোনাইৰ ধৈন্য পেগু - assam govt

জটিল ৰোগত আক্ৰান্ত জোনাই মহকুমাৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ ১ নং মিলনপুৰৰ নিবাসী ধৈন্য পেগু ৷ চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হোৱা 4 জনীয়া পৰিয়ালটোৱে বিচাৰিছে এতিয়া ৰাইজ তথা অসম চৰকাৰৰ পৰা সহায়ৰ হাত ৷

জটিল ৰোগত আক্ৰান্ত জোনাইৰ ধৈন্য পেগু
জটিল ৰোগত আক্ৰান্ত জোনাইৰ ধৈন্য পেগু
author img

By

Published : May 10, 2021, 9:07 AM IST

জোনাই,10 মে’: বিগত প্ৰায় এটা বছৰে জটিল ৰোগত আক্ৰান্ত হৈ আছে জোনাই মহকুমাৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ ১ নং মিলনপুৰৰ নিবাসী ধৈন্য পেগু ৷ ধৈন্য পেগুৰ চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হোৱা 4 জনীয়া পৰিয়ালটোৱে বিচাৰিছে এতিয়া ৰাইজ তথা অসম চৰকাৰৰ পৰা সহায়ৰ হাত ৷

জটিল ৰোগত আক্ৰান্ত জোনাইৰ ধৈন্য পেগু

উল্লেখ্য যে, চৰকাৰী চাকৰি নহ’লেও কৃষি কৰ্মৰে নিজ পৰিয়ালটোক সুন্দৰকৈ পোহ-পাল দিছিল ধৈন্য পেগুৱে ৷ কিন্তু এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান দুয়োটা কিডনীয়ে বিকল হৈছে ধৈন্যৰ ৷ এক দীঘলীয়া চিকিৎসাৰ সময়তে ঘৰৰ মাটি-বাৰী, গৰু-ছাগলী আদি বিক্ৰী কৰি উপায়হীন হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো ৷

আনকি, 4 জনীয়া এই পৰিয়ালটোৱে দুবেলা-দুসাজ খাৱলৈয়ো চিন্তা কৰিব লগাত পৰিছে ৷ যাৰবাবে এতিয়া এই পৰিয়ালটোৰ এক মাত্ৰ ভৰষা শুভাকাংক্ষী আৰু অসম চৰকাৰৰ ৷

লগতে পঢ়ক: বিলাসীপাৰাত জলাশয়ত উদ্ধাৰ দুই কিশোৰী ছাত্ৰীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.