ETV Bharat / state

মেৰামতিৰ এবছৰ সম্পূৰ্ণ নহওতেই খহি পৰিল গড়কাপ্তানি দলং

author img

By

Published : Jun 27, 2020, 6:21 PM IST

ধেমাজিত সামান্য পানীতেই খহি পৰিল গড়কাপ্তানি বিভাগৰ লাখ টকীয়া কাঠৰ দলং ৷ ইতিমধ্যে সংযোগ বিচ্ছিন্ন হৈ পৰিছে উক্ত অঞ্চলটোৰ ৰাইজৰ ৷ অতি শীঘ্ৰে যাতায়াতৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

Danger Bridge  Condition At Dhemaji
গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ কিয়?

ধেমাজি, 27 জুনঃ ধেমাজিত ঘিলামৰা সংযোগী গড়কাপ্তানি পথটোৰ তৰাজানত থকা কাঠৰ দলং খনৰ এটা অংশ ইতিমধ্যে খহি যায় ৷ উক্ত দলং খনৰ বাবে এতিয়া যাতায়াত স্তব্ধ হৈ পৰিছে ৰাইজৰ ৷

সামান্য পানীৰ সোঁতে খহাই নিলে ধেমাজিৰ ঘিলামৰা সংযোগী পথটোত থকা বহু লাখ টকীয়া কাঠৰ দলং খনৰ এটা অংশ । দলঙ খনৰ এটা মূৰ পানীয়ে সম্পূৰ্ণ খহাই নিয়াৰ ফলত বিছিন্ন হৈ পৰিছে যাতায়ত । উল্লেখ্য যে, ২৫ খন গাঁৱৰ একমাত্ৰ যাতায়াত সংযোগী দলঙখনৰ এই অৱস্থা হোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷

স্থানীয় লোকে অভিযোগ কৰা মতে দীৰ্ঘ দিনৰ দাবীত 5 বছৰৰ পূৰ্বে পথটোৰ তৰাজানত গড়কাপ্তানী বিভাগে কাঠৰ দলংখন নিৰ্মাণ কৰিছিল । ইয়াৰ পিছত পঞ্চায়তৰ ফালৰ পৰাও দুই লাখ টকাৰে মেৰামতি কৰা হৈছিল দলং খন। কিন্তু পুনৰ উক্ত দলংখন মেৰামতিৰ বাবে গড়কাপ্তানি বিভাগে 25 লাখ আৱন্টন দিয়ে যদিও আশ্বৰ্যজনকভাৱে মেৰামতিৰ এবছৰ নহওতেই দলংখনৰ এটা অংশ খহি যায় । কেৱল মেৰামতিৰ নামত লাখে-লাখে টকা অপচয় কৰি আহিছে যদিও দলং খন যাতায়াতৰ বাবে উপযুক্ত নোহোৱাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । অতি শীঘ্ৰে দলংখন মেৰামতি নকৰিলে আইনৰ কাষ চাপিব বুলিও সকীয়াই দিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক- স্তব্ধ শিৱসাগৰৰ জীৱন যাত্ৰাঃ লক ডাউনৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.