জোনাই,৫ নৱেম্বৰ : ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (DAC election 2022) ৷ ইতিমধ্যে এই নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ প্ৰতিটো পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।
বিৰোধীৰ সমান্তৰালকৈ মিত্ৰজোঁটৰ বিজেপি আৰু অগপ দলেও ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে (DAC election campaign)। শাসকীয় দলটোৰ মন্ত্ৰী তথা জ্যেষ্ঠ নেতাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । জোনাইতো বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে ।
ধেমাজি জিলাৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিটো বিজেপি দলে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে । বিজয়পুৰ দেউৰী গাঁৱত শনিবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে কেইবাগৰাকী জ্যেষ্ঠ নেতাই । প্ৰচাৰ অভিযানত মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীৰ হৈ প্ৰচাৰ চলালে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চায়েঙীয়াই । লগতে পৰিষদৰ সদস্য ৰাজু মেদক আৰু নৰেশ কুম্বাঙে অংশগ্ৰহণ কৰে (DAC election campaign in Jonai)।
১২ নং জোনাই পৰিষদীয় সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীয়ে ১০০ শতাংশ জয়ৰ নিশ্চিত দাবী কৰি এইবাৰ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে জ্যেষ্ঠ নেতাসকলে । ইফালে আটাইকেইখন আসনে মিত্ৰজোঁটে লাভ কৰিব বুলিও আশাবাদী নেতাসকল । বিৰোধী কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই কোনো কাৰণতে দেউৰী স্বায়ত্ত শাসিত পৰিষদত প্ৰভাৱ নেপেলাই বুলিও দাবী কৰে নেতাসকলে ।
নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত অঞ্চলটোৰ শতাধিক বিজেপি কৰ্মী আৰু সমৰ্থকেও অংশগ্ৰহণ কৰে । মিত্ৰজোঁট প্ৰাৰ্থী হেমন্ত দেউৰীৰ মতে এই নিৰ্বাচনত তেওঁ ব্যাপক সংখ্যত ভোটত জয়ী হ'ব । আনহাতে তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে তেওঁৰ দৃষ্টিত তেনে কোনো প্ৰাৰ্থী নাই ।
লগতে পঢ়ক :DAC ELECTION 2022 : কংগ্ৰেছে এতিয়া খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে !