ধেমাজি,২৪ ডিচেম্বৰ : অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা চুতীয়া জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে । চুতীয়া লোকসকলৰ উন্নয়নৰ দাবীত বিভিন্ন সময়ত জনগোষ্ঠীটোৰ সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্তও কৰিছে । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত জনগোষ্ঠীটোৱে জনজাতিকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছে যদিও আজিলৈ তেওঁলোকৰ দাবী বা সমস্যা সমাধানৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে পুনৰ এবাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সন্মুখত লৈ চুতীয় যুৱ সন্মিলনে অসমত এক আন্দোলন আৰম্ভ কৰিছে ।
'গাওঁবোৰ বিচাৰি যাওঁ' শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবী চৰকাৰক অৱগত কৰাৰ সিদ্ধান্ত লৈছে । তাৰ অংশস্বৰূপে দেওবাৰে ধেমাজি জিলাত চুতীয় যুৱ সন্মিলনে 'গাওঁবোৰ বিচাৰি যাওঁ' শীৰ্ষক গণ সম্পৰ্ক অভিযানৰ আয়োজন কৰে । চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত ধেমাজি লক্ষীপথাৰ গাওঁ পঞ্চায়তৰ নাৰায়ণপুৰীয়া গাঁৱত এই ব্যতিক্ৰমী জনজাগৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ পাছতে গাওঁখনৰ ৰাজহুৱা নামঘৰত এখন সজাগতা সভাও অনুষ্ঠিত কৰে সংগঠনটোৱে ৷
কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৌস্তুভ কিশোৰ চুতীয়াই অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে । চৰকাৰৰ এনে অৱহেলাৰ বিৰুদ্ধে সবল জনমত গঠন কৰাৰো পৰিকল্পনা কৰিছে সংগঠনটোৱে । দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত এনে গণ আন্দোন অবিৰতভাৱে চলাই যোৱাৰো হুংকাৰ দিয়ে চুতীয়া যুৱ সন্মিলনে ।
লগতে পঢ়ক :বিজেপি দলক গুণ্ডাৰ দল আখ্যা তৃণমূল কংগ্ৰেছৰ