ETV Bharat / state

অস্তিত্বৰ সংকটত ঐৰামঘাট!

author img

By

Published : Aug 9, 2019, 8:03 PM IST

ভৌগোলিক মানচিত্ৰৰ পৰা বিলীন হোৱাৰ পথত জোনাইৰ ঐৰামঘাট ৷ চিয়াং নদীৰ খহনীয়াত জাহ গৈছে অঞ্চলটোৰ বহু লোকৰ ঘৰ ৷ জাহ গৈছে বহু পৰিয়ালৰ বাঁহবাৰী, মূল্যবান গছ-গছনি

অস্তিত্বৰ সংকটত ঐৰামঘাট

জোনাই, 9 আগষ্ট : সংকটৰ গৰাহত জোনাইৰ ঐৰামঘাট ৷ জোনাইৰ ভৌগোলিক মানচিত্ৰৰ পৰা বিলীন হোৱা পথত এটা অঞ্চল | চিয়াং নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত সৃষ্টি হৈছে এই পৰিস্থিতিৰ ৷ অঞ্চলটোৰ কেইবাটাও পৰিয়ালে ভেটি এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে | প্ৰতিবছৰৰ দৰে এইবছৰো বানৰ পিছতে চিয়াং নদীৰ খহনীয়াত জাহ গৈছে অঞ্চলটোৰ বহু লোকৰ ঘৰ | জাহ গৈছে বহু পৰিয়ালৰ বাঁহবাৰী, মূল্যবান গছগছনি আদিৰ সৈতে বিঘাই বিঘাই মাকৈ খেতি |

অস্তিত্বৰ সংকটত ঐৰামঘাট

উল্লেখ্য যে, অসম চৰকাৰৰ জলসম্পদ বিভাগে আজি পৰ্যন্ত ঐৰামঘাটত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফল ভূগিছে ঐৰামঘাটত বসবাস কৰা কৃষিজীৱী ৰাইজে | গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ চৰকাৰ জনপ্ৰতিনিধিলৈ আহ্বান জনাইছে ৰাইজে ৷

Intro:Body:জোনাইৰ ঐতিহ্যমণ্ডিত ঐৰামঘাট অস্তিত্বৰ গৰাহত/ চিয়াং নদীৰ খহনীয়াত ঘৰভেটি কৃষিভূমি আদি জাহ গৈ অচিৰেই জোনাইৰ ভৌগোলিক মানচিত্ৰৰ পৰা বিলিন হোৱা পথত ঐৰামঘাটত

জোনাই ৯ আগষ্ট

ধেমাজি জিলাৰ জোনাইৰ ঐতিহ্যমণ্ডিত ঐৰামঘাট অস্তিত্বৰ গৰাহত| অচিৰেই জোনাইৰ ভৌগোলিক মানচিত্ৰৰ পৰা বিলিন হোৱা পথত ঐৰামঘাটত| অসম অৰুণাচল সীমান্তত থকা জোনাইৰ ঐৰামঘাটত বানৰ পিছততে চিয়াং নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ নৈপৰীয়া ৰাইজে আতংকিত হৈ প্ৰায় ২০-২৫ ঘৰ পৰিয়ালে ভেটি এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে | প্ৰতিবছৰৰ দৰে এই বছৰো বানৰ পিছতে চিয়াং নদীৰ খহনীয়াত জাহ গৈছে অঞ্চলটোৰ বহু লোকৰ ঘৰভেটি | জাহ গৈছে বহু পৰিয়ালৰ বাঁহবাৰী, মূল্যবান গছগছনি আদিৰ সৈতে বিঘাই বিঘাই মাকৈ খেতি |

উল্লেখ্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগে আজি পৰ্যন্ত ঐৰামঘাটত চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফল ভূগিছে ঐৰামঘাটত বসবাস কৰা ১০০ শতাংশ কৃষিজীৱী ৰাইজে | এনেদৰে খহনীয়া অব্যাহত থাকিলে ঐৰামঘাটৰ অস্তিত্বৰ কথাটো বাদেই জোনাই সদৰৰ প্ৰতিও আহি পৰিব চৰণ ভাবুকি | গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ চৰকাৰ জনপ্ৰতিনিধিলৈ ৰাইজৰ আহ্বান |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.