ETV Bharat / state

পথ নিৰ্মাণত ব্যাপক দুর্নীতি: ঠিকাদাৰৰ মতে বালিৰে পথ নিৰ্মাণ কৰিলে ভাল হয়

ধেমাজি জিলাৰ জোনাইৰ বেৰাচাপৰি অঞ্চলত পথ নিৰ্মাণ নামত ব্যাপত দুর্নীতি অভিযোগ তুলিছে স্থানীয় লোকে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি উচ্চ পদস্থ বিষয়া-কৰ্মচাৰী আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া সৈতে সু-সম্পৰ্ক বজাই ৰাখি দুৰ্নীতি আশ্চয় লৈছে শ্যামল চৰকাৰ নামৰ এজন ঠিকাদাৰে ৷

corruption-in-the-construction-of-road-at-jonai-in-dhemaji-district
ঠিকাদাৰৰ মতে বালিৰে পথ নিৰ্মাণ কৰিলে ভাল হয় !
author img

By

Published : Feb 5, 2021, 4:51 PM IST

জোনাই, ৫ ফেব্ৰুৱাৰী : ধেমাজি জিলাৰ জোনাইৰ বেৰাচাপৰি অঞ্চলত পথ মেৰামতি কৰাৰ নামত ব্যয়াগোম দুর্নীতি অভিযোগ উত্থাপিত হৈছে । চিয়াং নদীৰ প্রলংকাৰী বানে তচনচ কৰা পথসমূহ পুনৰ মেৰামতিৰ নামত জোনাই গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰে দুর্নীতিৰ আশ্চয় লৈছে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।

স্থানীয় লোকে সদৰি কৰা মতে জোনাইৰ লুহিজানৰ পৰা ৰোহিতপুৰ দেউৰী হৈ বেৰাচাপৰিলৈ যােৱা পথটো গড়কাপ্তানী বিভাগৰ অধীনত বর্তমান মেৰামতিৰ কাম চলি আছে ৷ ইফালে লুহিজান ঘাটৰ দুখনকৈ পকী দলঙৰ নিৰ্মাণৰ কামও ইতিমধ্যে 60 শতাংশ সম্পন্ন হৈছে । এই আটাইকেইটা উন্নয়ন মূলক কামতে নিম্ন মানৰ সামগ্ৰী আৰু ৰাজহুৱা টকা আত্মাসাতৰ উদ্দেশ্যে ঠিকাদাৰে গুৰুত্বহীন ভাৱে বালিৰে নিৰ্মাণ কাৰ্য সম্পাদন কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷

পথ নিৰ্মাণত ব্যাপক দুর্নীতি: ঠিকাদাৰৰ মতে বালিৰে পথ নিৰ্মাণ কৰিলে ভাল হয়

উল্লেখ্য যে, পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল চতিশ আগৰৱালা নামৰ এজন ঠিকাদাৰে ৷ কিন্তু পথটোৰ নিৰ্মাণৰ কাৰ্য সম্পাদন কৰিছিল শ্যামল চৰকাৰ নামৰ আন এজন ঠিকাদাৰে ৷ অৰ্থাৎ চতিশ আগৰৱালা নামত কাম সম্পাদন কৰিছিল শ্যামল চৰকাৰে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে শ্যামল চৰকাৰ নামৰ ঠিকাদাৰ গৰাকীৰ গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্ত্রা, জোনাইৰ বিধায়ক ভূৱন পেগু, সাংসদ প্রদান বৰুৱাৰ লগতে স্থানীয় জাতীয় সংগঠনৰ সৈতে অতি ঘণিষ্ঠ সম্পর্ক আছে ৷ এই সম্পৰ্কৰ সুবিধা গ্ৰহণ কৰিয়ে ঠিকাদাৰ শ্যামল চৰকাৰে নিম্ন মানৰ সামগ্ৰীৰে পথ আৰু দলং নিৰ্মাণ কৰি ৰাজহুৱা ধন আত্মসাতৰ পন্থা হাতত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ইফালে ঠিকাদাৰ শ্যামল চৰকাৰে স্থানীয় সংগঠনৰ লগত হোৱা যুক্তি তৰ্কত বালিৰে পথ নিৰ্মাণ কৰিলে পথৰ অৱস্থা ভাল হয় বুলিহে যুক্তি দৰ্শায় ৷ এই লৈ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই বালিৰে নির্মাণ কৰা উক্ত পথৰ ওপৰত এক উচিত তদন্তৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

লগতে পঢ়ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.