জোনাই, 3 নৱেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি ৷ প্ৰায় 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণকাৰ্য চলি থকা চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্যত দেখা গৈছে অতি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ ৷ শিল বালিৰ ঠাইত সম্পূৰ্ণ মাটি সংমিশ্ৰত শিল, বালিৰে পূৰ্ণ গতিত চলিছে চিকিৎসালয় নিৰ্মাণৰ কাম ৷ মাটি সংমিশ্ৰিত চেন্দ গ্ৰেভেল মিলোৱা হৈছে নিৰ্মাণকাৰ্যত ৷
নিৰ্মাণকাৰ্যত নিয়োগ কৰা শ্ৰমিকে জানিবলৈ দিয়া অনুসৰি, নিৰ্মাণৰ কাম তদাৰকত থকা ক্ষুদ্ৰ অভিযন্তাই এনেদৰেই কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইফালে ঠিকাদাৰে বিভাগীয় বিষয়া অভিযন্তাৰে মিলি এনেধৰণৰ দুৰ্নীতি কৰাত ক্ষুব্ধ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ উন্নত সামগ্ৰীৰে কাম আৰম্ভ নকৰালৈকে নিৰ্মাণকাৰ্য বন্ধ ৰাখিবলৈ সকিয়নী প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ৷
উল্লেখ্য যে, জোনাইৰ 30 বিচনাযুক্ত চিকিৎসালয়ৰ কাষতে প্ৰায় ডেৰবছৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অসামৰিক চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল | আধাৰশিলা স্থাপনত উপস্থিত আছিল সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৰ লগতে ধেমাজিৰ বিধায়ক ৰনোজ পেগু | এনেস্থলত বৃহত্তৰ জোনাইবাসী ৰাইজৰ বহুদিনৰ সপোনৰ অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ আৰম্ভণিতে কৰা এনে দুৰ্নীতিৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব |