ETV Bharat / state

অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী - নগৰৰ সংশ্লিষ্ট বিভাগ

কদৰ্যময় পৰিৱেশত ধেমাজি চহৰ ৷ ঘৰুৱা আৱৰ্জনা সমূহ উক্ত স্থানত পেলোৱাৰ বাবে স্থানীয় ৰাইজে কদৰ্যময় পৰিৱেশত থাকিব লগা হৈছে ।

Cleanliness Woes: Dhemaji turns into garbage dumping ground
অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী
author img

By

Published : Aug 30, 2020, 4:34 PM IST

ধেমাজি, 30 আগষ্ট : 2014 বৰ্ষত আৰম্ভ কৰা স্বচ্ছ ভাৰত আঁচনি বৰ্তমান যেন ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো ধেমাজিৰ প্ৰান্তে প্ৰান্তে এতিয়া আৱৰ্জনাৰ দ'ম । নগৰখনৰ চাৰিআলিৰ ৰাজহুৱা শৌচাগাৰৰ সন্মুখত, নগৰ 1 নং দৈনিক বজাৰৰ সন্মুখত, চাৰিআলিৰ পৰা ধেমাজি ষ্টেচন ৰোডলৈ যোৱা ধেমাজি পৌৰসভা কাৰ্যালয়ৰ সমীপৰ পথৰ দাতিত বৰ্তমান দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

আনফালে, ধেমাজি নগৰৰ 1 নং ৱাৰ্ডৰ আৱৰ্জনাৰ পাহাৰ তথা অস্বাস্থ্যকৰ পৰিৱেশক লৈ শংকিত হৈ পৰিছে চহৰখনৰ সচেতন মহল । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ঘৰুৱা আৱৰ্জনা সমূহ উক্ত স্থানত পেলোৱাৰ বাবে স্থানীয় ৰাইজে কদৰ্যময় পৰিৱেশত থাকিব লগা হৈছে । যাৰবাবে তীব্ৰ ভাবুকি আহিছে অঞ্চলটোৰ জনস্বাস্থ্যলৈ । ইতিমধ্যে, সাপ্তাহিক বজাৰৰ একাংশ দোকান-গৃহ আৱৰ্জনাই পুতি পেলোৱাৰ লগতে বজাৰৰ কাষেৰে যোৱা পথটোও আৱৰ্জনাই পুতি পেলোৱাত বৰ্তমান যাতায়তত ব্যাঘাত জন্মিছে বুলি স্থানীয় লোকে মন্তব্য কৰিছে ৷

অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী

ইপিনে, এই বিষয়ে ধেমাজি পৌৰসভা আৰু ধেমাজি জিলা প্ৰশাসনক স্থানীয় বাসিন্দা আৰু দল-সংগঠনে বহুবাৰ অভিযোগ দি অহাৰ পিচতো আজিকোপতি গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰিছে স্থানীয় লোকে । স্থানীয় বাসিন্দা সকলে আকৌ জনোৱা অনুসৰি, কেৱল আৱৰ্জনাই নহয় আৱৰ্জনাৰ লগতে মৃত জীৱ-জন্তুও নগৰ সমিতিৰ দায়িত্বত নিয়োজিত সকলে পেলাই অহাৰ অভিযোগ উখাপন হৈছে ।

ইফালে, বাসিন্দা সকলৰৰ ঘৰৰ ভিতৰৰ লৈকে আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুগন্ধ বিয়পি পৰাত বেমাৰৰ বীজাণু সংক্ৰমণৰ আকাংক্ষা কৰিছে স্থানীয় নাগৰিকে ৷ এনেক্ষেত্ৰত আৱৰ্জনা সমূহ নগৰৰ সংশ্লিষ্ট বিভাগে নিষ্কাষনৰ ব্যৱস্থা নকৰিলে স্থানীয় বাসিন্দাৰ সহযোগত অসম জাতীয়তাবাদী যুৱ পৰিষদে পুনৰ প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলিও সকীয়াই দিছে ।

লগতে পঢ়ক : তেজপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.