ETV Bharat / state

শুকাইছে চিয়াং লালীৰ বুকু : উদ্বিগ্ন নৈপৰীয়া - jonai siang river

ধেমাজিৰ সমীপত অস্বাভাৱিকভাৱে শুকাবলৈ ধৰিছে চিয়াং লালী নদী ৷ জলস্তৰ অস্বাভাৱিক হাৰৰত শুকাই যোৱাত বালিময় হৈ পৰিছে লালীৰ দুয়োপাৰ ৷ চিন্তিত হৈ পৰিছে নৈপৰীয়া কৃষিজীৱি লোকসকল ৷

আচৰিত ধৰণে শুকুইছে চিয়াং লালী নদী
আচৰিত ধৰণে শুকুইছে চিয়াং লালী নদী
author img

By

Published : Apr 19, 2021, 7:45 AM IST

জোনাই, 19 এপ্ৰিল : অস্বাভাৱিকভাৱে শুকাবলৈ আৰম্ভ কৰিছে চিয়াং লালী নদী ৷ এই পৰিস্থিতিয়ে এক শংকা কঢ়িয়াই আনিছে ধেমাজি জিলাৰ নদীপৰীয়া সমাজ ব্যৱস্থালৈ ৷ চিয়াং লালী নদীখন আচৰিত ধৰণে শুকাবলৈ আৰম্ভ কৰাত ভৱিষ্যতৰ অনিশ্চয়তাত ভুগিবলগীয়া হৈছে জিলাখনৰ কৃষিজীৱি লোকসকল ৷

বিগত কেইদিনত অস্বাভাৱিক হাৰত শুকাই এই চিয়াং লালী নদীৰ পানীৰ স্তৰ বহু তললৈ নামি যোৱাত নদীৰ পাৰত থকা গছ গছনি, ঘাঁহ বন আদিও শুকাই যাবলৈ ধৰিছে ৷ নদীখনৰ জলস্তৰ এনেধৰণে শুকাইছে যে ব্ৰহ্মপুত্ৰ বুকুত থকা কবু চাপৰিলৈ ধেমাজি জিলাৰ জোনাইৰ লোক সকলে খোজ কাঢ়ি বা ট্ৰেক্টৰেই ইপাৰ-সিপাৰ হ'ব পাৰিছে ৷ জোনাই মহকুমা অন্তৰ্গত নৈপৰীয়া অঞ্চলৰ লোকসকলে সাধাৰণতে যাত্ৰীবাহী ফেৰীৰে পাৰাপাৰ হ’বলগীয়া হয় ৷ কিন্তু এই কেইদিনত ফেৰীৰ সলনি হাত নাৱেৰে লোক সকলে পাৰাপাৰ হ'বলৈ সক্ষম হৈছে ৷

শুকাইছে চিয়াং লালীৰ বুকু

যিখন চিয়াং লালী নদীয়ে বাৰিষা কালত বানপানীৰে তাণ্ডৱ চলাই জোনাই মহকুমাত বিভীষিকাৰ সৃষ্টি কৰে; এইখন নদী বৰ্তমান বালি পলসেৰে ভৰি পৰিছে ৷ এনে পৰিস্থিতিৰ ফলত আনহে নালাগে নৈপৰীয়া ৰাইজৰ পোহনীয়া জীৱ জন্তু আৰু চৰাই চিৰিকতিয়ে পানী সেৱনৰ ক্ষেত্ৰতো সমস্যাই দেখা দিছে ৷ তদুপৰি জীৱকুলৰ লগতে চিয়াং লালী নদীত মংস্য চিকাৰ কৰি আৰু নদীত উটি অহা কাঠ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালবোৰেও এতিয়া দুটকা উপাৰ্জনৰ বাবে চিন্ত কৰিবলগীয়া হৈছে ৷

উল্লেখ্য চিয়াং লালী নদীখন এসময়ত অতি গভীৰ আছিল ৷ কিন্তু সময়ৰ গতিত নদীৰ মূল উৎস অৰুণাচল প্ৰদেশৰ পাহাৰত মানুহে যধে-মধে গছ-গছনি কটা আৰু শিল মাটি খনন কৰাৰ ফলত পাহাৰত খহনীয়াৰ সৃষ্টি হৈ বালি মাটি নদীয়েদি উটি অহাত নদীৰ ভূ পৃষ্ঠ ক্ৰমান্বয়ে ওখ হৈ আহিছে ৷ মূলতঃ মানুহৰ ধ্বংসাত্মক কাৰ্যকলাপৰ ফলত চিৰপ্ৰৱাহ মান চিয়াং লালী নদীৰ আজি আস্তিত্বৰ সংকটত ৷ চিয়াং নদীয়ে জোনাইৰ পশ্চিম দিশত লোহিত আৰু ডিবাং নৈৰ সৈতে সংযোগ ঘটাৰ পাচত ব্ৰহ্মপুত্ৰ নাম লৈছে ৷ চিয়াং বা ব্ৰহ্মপুত্ৰক সেই অঞ্চলত লালী নদী বুলি কোৱা হয় ৷

লগতে পঢ়ক : ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.