ETV Bharat / state

ৰাজ্যত শাম কটা নাই সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ

author img

By

Published : Dec 23, 2019, 9:05 AM IST

দেওবাৰৰ দিনটোত ৰাজ্যজুৰি অব্যাহত থাকিল সংশোধিত নাগৰিকত্ব আইন ৷ গুৱাহাটী,নাহৰকটীয়া,ধেমাজিত সাব্যস্ত হ’ল প্ৰতিবাদ

সংশোধিত নাগৰিকত্ব আইন
সংশোধিত নাগৰিকত্ব আইন

গুৱাহাটী,22 ডিচেম্বৰঃ মহানগৰীৰ কাহিলীপাৰাৰ নাগৰিক সমাজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ । দেওবাৰে সাবিত্ৰী ভৰালী হাইস্কুলৰ বাকৰিত শতাধিক লোক একত্ৰিত হৈ আইনখনৰ বিৰোধিতা কৰে ৷ চৰকাৰক ধিক্কাৰ জনাই কোনো কাৰণতে বিদেশীৰ বোজা বহন নকৰে বুলি দাবী কৰে উপস্থিত ৰাইজে ৷ প্ৰতিবাদী অনুষ্ঠানটোত জগদীশ ভূঞা,অভিনেতা ৰবি শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকলে চৰকাৰ বিৰোধী ভাষণ প্ৰদান কৰে ৷

দেওবাৰৰ দিনটোত ৰাজ্যজুৰি অব্যাহত থাকিল সংশোধিত নাগৰিকত্ব আইন

ধেমাজিঃ ধেমাজিৰ বিষ্ণুপুৰ পাঁচআলিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত অটল থাকে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷ লগতে ভৱিষ্যতে ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। উত্তৰ ধেমাজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকে শতাধিক ৰাইজ ৷ দেওবাৰে আয়োজিত বিশাল প্ৰতিবাদী সভাখনত উপস্থিত থাকে সংগঠনটোৰ সহকাৰী সম্পাদক নাৰায়ণ বৰা ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ সাব্যস্ত

নাহৰকটীয়াঃ আটচাৰ উদ্যোগত নাহৰকটীয়াত দেওবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বাহিৰ হোৱা এই সমদলত স্থানীয় লোকে অংশগ্ৰহণ কৰে ৷ লগতে প্ৰায় সহস্ৰাধিক চাহ জনগোষ্ঠীয় লোকক প্ৰতিবাদটোত অংশগ্ৰহণ কৰা দেখা যায় ৷

ৰাজ্যত শাম কটা নাই সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ

হোজাইঃ হোজাইত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা ব্যক্তিসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ অনুষ্ঠান পালন কৰা হয়। দেওবাৰে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো আৰম্ভ কৰে ৰাইজে ৷ সমান্তৰালকৈ লংকাতো শ্ৰদ্ধাঞ্জলী কাৰ্যসূচী পালন কৰা হয় ৷

লগতে চাওকঃদক্ষিণ কামৰূপৰ কমলা টেঙাৰ বাগান আৰু খেতিয়কৰ দুৰৱস্থা

Intro:বৃহত্তৰ কাহিলিপাৰা অঞ্চলত নাগৰিক সমাজে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

সাবিত্ৰী ভৰালী হাইস্কুলৰ বাকৰিত পাঁচশ ৰো অধিক মহিলা আৰু পুৰুষ একত্ৰিত হৈ অসমীয়া জাতি ধংসী আইনৰ বিৰোধিতা কৰিলে আৰু চৰকাৰ এই পদক্ষেপক ধিক্কাৰ জনাই কোনো কাৰণতে বিদেশীৰ বোজা জাপি দিয়া কাৰ্য্যক মানি নলয় বুলি জানিবলৈ দিয়ে বৃহত্তৰ কাহিলিপাৰা নাগৰিক সমাজে ।

উক্ত অনুষ্ঠানত জগদীশ ভূঞা অভিনেতা ৰবি শৰ্মা কে আদি কৰি বিশিষ্ট ব্যক্তি সকলে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰৰ ওপৰত সোচ্ছাৰ হৈ পৰা পৰিলক্ষিত হয় ।

Bite Rabi SarmahBody:Guwahati Conclusion:Asrar Ansari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.