ETV Bharat / state

Assam flood situation worsens: জোনাইৰ বিভিন্ন অঞ্চলত বান-খহনীয়াৰ তাণ্ডৱ; বন্যাৰ্তৰ হাহাকাৰ - ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী

জোনাই সমষ্টিৰ চিচিবৰগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ ঐতিহাসিক সোণাৰিঘাটত ব্ৰহ্মপুত্ৰই চলাইছে তীব্ৰ খহনীয়া ৷ প্ৰৱল বৰষুণৰ ফলত জোনাই সমষ্টিৰ অন্তৰ্গত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ 1নং সোণাৰিঘাট, 2নং সোণাৰিঘাট, মেদি পমুৱা, দীঘলী পাম এই গাঁওসমূহত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে ৷

Flood and Erosion of Brahmaputra River in Jonai
বাঢ়নী পানীৰ তাণ্ডৱ
author img

By

Published : Jul 17, 2023, 7:33 AM IST

ঐতিহাসিক সোণাৰিঘাটত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

জোনাই, 17 জুলাই: বান আৰু খহনীয়া মুক্ত অসম গঢ়াৰ সপোন দেখুৱাই দিছপুৰত শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে ৰাজ্যৰ বান তথা খহনীয়াৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷ জোনাই বিধানসভা সমষ্টিৰ মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ সোণাৰিঘাট আৰু নামনি চিচিটঙানি গাওঁ পঞ্চায়তৰ কিছু অঞ্চল প্ৰত্যক্ষ কৰিলেই সেয়া সহজেই অনুমান কৰিব পাৰি ৷

শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে অসমত হোৱা মূষলধাৰ বৰষুণৰ ফলত উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নৈ-উপনৈ সমূহ ৷ জোনাই সমষ্টিৰ চিচিবৰগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ ঐতিহাসিক সোণাৰিঘাটত ব্ৰহ্মপুত্ৰই চলাইছে তীব্ৰ খহনীয়া ৷ পঞ্চায়তৰ 1 নং আৰু 2 নং সোণাৰিঘাট সংযোগী মথাউৰিটো এমজিএনৰেগা আঁচনিৰ অধীনত প্ৰায় 30 লক্ষাধিক টকাৰে নিৰ্মাণ কৰা হৈছিল যদিও বিগত বছৰত লুইতৰ প্ৰলয়ংকাৰী বানত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ৷

কেইবাদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত জোনাই সমষ্টিৰ অন্তৰ্গত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ 1নং সোণাৰিঘাট, 2নং সোণাৰিঘাট, মেদি পমুৱা, দীঘলী পাম এই গাঁওসমূহত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ অঞ্চলটোত পশুধনৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিয়া পৰিলক্ষিত হৈছে ৷ বানপানীৰ মাজত আবদ্ধ হৈ থকা ৰাইজে এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ লগতে অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে ৷ প্ৰায় 80 টাতকৈও অধিক পৰিয়ালে বসবাস কৰা ঐতিহাসিক সোণাৰিঘাটৰ ৰাইজৰ এই দুখৰ সমভাগী হ'বলৈ স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনেও সহায়ৰ হাত আগবঢ়োৱা নাই ৷

উল্লেখযোগ্য যে, এটা সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ পাৰৰ মাজত একমাত্ৰ যাতায়ত ব্যৱস্থাৰ উল্লেখনীয় স্থান আছিল সোণাৰিঘাট ৷ কিন্ত এই ঐতিহাসিক সোণাৰিঘাট এতিয়া ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত বিলীন হোৱাৰ দিশত ৷ বছৰ বছৰ ধৰি হোৱা ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াত ইতিমধ্যে ৰাইজৰ শ শ বিঘা কৃষিপথাৰ , স্কুল , মঠ-মন্দিৰৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-ভেঁটি ব্ৰহ্মপুত্ৰত জাহ গৈছে ৷

দেওবাৰে বানে প্লাৱিত কৰা অঞ্চলসমুহ পৰিদৰ্শন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়েই কয়, এই অঞ্চলত বান গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে এমএচিৰ নিম্নতম আঁচনিৰে সম্ভৱ নহয় আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ এক শকত পৰিমাণৰ পুঁজিৰ আৱশ্যক ৷ লগতে শীঘ্ৰেই তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত তাৎক্ষণিকভাৱে আলোচনাত মিলিত হ’ব বুলি বৰ্ন্যাতৰ আগত সদৰী কৰে ৷

ইফালে একেদৰেই নামনি চিচিটঙানি পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ চিচি চোমনি গাঁও, শুকান চাপৰি আদি কেইবাটাও অঞ্চলত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বানে গাঁওসমূহ প্লাৱিত কৰাৰ লগতে পুষ্পধৰ পেগু নামৰ লোকজনৰ অৰ্ধ পকীঘৰটো মূহুৰ্তৰ ভিতৰত বানে উটুৱাই লৈ যায় ৷ ফলত গৃহহীন হৈ পৰে বানাক্ৰান্ত পৰিয়ালটো ৷ বিগত বছৰতো এই অঞ্চলৰ পৱন মিছং, সৰ্বা মিছং আৰু ডিম্ব পেগু নামৰ লোক কেইজনৰ বাসগৃহ ব্ৰহ্মপুত্ৰত জাহ গ'ল ৷ ভুক্তভোগী ৰাইজে জনোৱা মতে এনেদৰেই যদি প্ৰত্যেক বছৰে বানে বিভীষিকাৰ ৰূপ লয় তেন্তে খুব কম সময়ৰ ভিতৰতেই ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত থকা মিচিং অধ্যুষিত এলেকাসমূহ অস্তিত্বহীন হৈ পৰিব ৷ এই ক্ষেত্ৰত শীঘ্ৰেই চৰকাৰ, জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক সময় থাকোঁতেই ব্যৱস্থা ল'বলৈ দাবী জনায় ৰাইজে ৷

লগতে পঢ়ক: Assam flood 2023: ৰাজ্যত শাম কটা নাই বান পৰিস্থিতি; প্ৰায় 1 লাখ লোক আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.