ETV Bharat / state

Book released at Jonai : জোনাইত উন্মোচন ৰয়েল পেগুৰ দুখন গ্ৰন্থ

author img

By

Published : Dec 18, 2022, 10:36 PM IST

দেওবাৰে জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয় এক গ্ৰন্থ উন্মোচনী সভা (Book Inauguration program held at Jonai press club) ৷ এই সভাতে লেখক তথা সাংবাদিক ৰয়েল পেগুৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷

Book Inauguration program held at Jonai press club
লেখক ৰয়েল পেগুৰ দুখন গ্ৰন্থ উন্মোচন

লেখক ৰয়েল পেগুৰ দুখন গ্ৰন্থ উন্মোচন

জোনাই, ১৮ ডিচেম্বৰ : জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত দেওবাৰে লেখক তথা সাংবাদিক ৰয়েল পেগুৰ ‘‘ৰৌদ্ৰোজ্জ্বল প্ৰভাত’’ নামৰ কাব্যপুথি আৰু ‘‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি’’ নামৰ গ্ৰন্থখনৰ পৰিবৰ্ধিত সংস্কৰণ জোনাইৰ ঙাচাৰচুক' উকোমত উন্মোচন কৰা হয় (Book Inauguration program held at Jonai press club)।

জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে সঞ্চালনা কৰা তথা সাংবাদিক গৌতম পেগুৱে আঁত ধৰা সভাত লেখক-সাংবাদিক ৰয়েল পেগুৰ ‘‘ৰৌদ্ৰোজ্জ্বল প্ৰভাত’’ নামৰ কাব্যপুথিখন উন্মোচন কৰে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰায়াং মিলিটেৰী ষ্টেচনৰ কাৰ্যবাহী অভিযন্তা তথা বিশিষ্ট কবি সঞ্জীৱ দেৱ ৰয়ে আৰু ‘‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি’’খন উন্মোচন কৰে মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক-সাহিত্যিক ড৹ দীপক কুমাৰ দলেই ।

উল্লেখযোগ্য যে, ‘‘ৰৌদ্ৰোজ্জ্বল প্ৰভাত’’ নামৰ কাব্যপুথিত ৪০ টা অসমীয়া আৰু ১০ টা মিচিং মুঠ ৫০ টা উচ্চমানৰ কবিতা সন্নিৱিষ্ট কৰা হৈছে । উন্মোচক সঞ্জীৱ দেৱ ৰয়ে নিজৰ উন্মোচনী ভাষণত ৰয়েল পেগু এগৰাকী প্ৰতিবাদী-প্ৰগতিশীল কবি বুলি উল্লেখ কৰি ৰৌদ্ৰোজ্জ্বল প্ৰভাত কাব্যগ্ৰন্থৰ কবিতাত গভীৰ সমাজ চেতনা, মানৱীয় মূল্যবোধ আৰু বৈপ্লৱিক আদৰ্শৰ চানেকি পাঠকচিত্ত আন্দোলিত কৰিব পৰাকৈ শৈল্পিক ভাষাত খোদিত কৰা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : Book released at Guwahati: অসম শিশু সাহিত্য ন্যাসৰ ১৮ খন গ্ৰন্থ উন্মোচন

ইপিনে ‘‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি’’ গ্ৰন্থৰ পৰিবৰ্ধিত সংস্কৰণখন উন্মোচন কৰি মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব, লেখক, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেই নিজৰ ভাষণত কয়- মিচিং সংগ্ৰামৰ লগত নিবিড়ভাৱে জড়িত সাংবাদিক ৰয়েল পেগুৰ ‘‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি’’ গ্ৰন্থখন মিচিং সংগ্ৰামৰ মেটমৰা সম্ভাৰ তথা দলিল স্বৰূপ ।

মিচিংসকলৰ স্বাধিকাৰৰ গণ সংগ্ৰামৰ পটভূমিৰ এমুঠি প্ৰবন্ধ সংকলন তথা ২০১২ চনত প্ৰথম সংস্কৰণ প্ৰকাশ পোৱা ‘‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি’’ গ্ৰন্থখনৰ পৰিবৰ্ধিত সংস্কৰণত ২০১৩ চনত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু পৰবৰ্তী সময়ৰ মিচিং সংগ্ৰামৰ বিভিন্ন দিশসমূহৰ লগতে কেইটামান নতুন লেখা সংযোজন কৰা হৈছে ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, শিল্পী ইন্দ্ৰেশ্বৰ পেগু, বিশিষ্ট কবি নবীন গগৈ, বিশিষ্ট কবি-প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালা, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জোনাই শাখা কবি সন্মিলনৰ সম্পাদিকা প্ৰান্তিক শৰ্মা, ধেমাজি ডায়েটৰ প্ৰবক্তা জুনিশ পাতিৰ, বিজয় বৰি, ৰাজীৱ পেগু, খগীৰাম পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, জোনাই প্ৰেছ ক্লাৱৰ সম্পাদক মনোজ প্ৰজাপতি, সাংবাদিক ভাস্কৰজ্যোতি টায়েং, দেবেন টায়ুং, কৰবী দলে, প্ৰাণজিৎ দলে, জোনাই জিলা টি এম পি কেৰ সম্পাদক মিগম দলে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক : Exceptional marriage: বিবাহস্থলীতেই কইনাক লগত লৈ গ্ৰন্থ উন্মোচন কৰিলে দৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.