ETV Bharat / state

Tea factory open in Dhemaji: আশাৰ বতৰা কঢ়িয়াইছে বগীবিল চাহ ফেক্টৰীয়ে - Tea Cultivation in Assam

পশ্চিম ধেমাজিৰ হাবুঙৰ নিবনুৱালৈ আশাৰ বতৰা লৈ মুকলি হ'ল বগীবিল চাহ ফেক্টৰী (Tea factory open in Dhemaji) ৷ বস্তায়ে বস্তায়ে ফেক্টৰীটোলৈ আনিছে চাহপাত ।

Bogibeel Tea Factory Open in Dhemaji
আশাৰ বতৰা কঢ়িয়াইছে বগীবিল চাহ ফেক্টৰীয়ে
author img

By

Published : May 27, 2023, 6:11 PM IST

আশাৰ বতৰা কঢ়িয়াইছে বগীবিল চাহ ফেক্টৰীয়ে

ধেমাজি,২৭ মে': ৰাজ্যত ভয়াৱহ নিবনুৱা সমস্যাৰ মাজতে পশ্চিম ধেমাজিৰ বৃহত্তৰ হাবুং অঞ্চলৰ শিক্ষিত নিবনুৱা তথা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা ভাল খবৰ ৷ কাৰণ এতিয়াৰে পৰা সুদুৰ লখিমপুৰ, ডিব্ৰুগড় লৈ প্ৰেৰণ কৰিব নালাগে উৎপাদিত চাহৰ কেঁচা পাত ৷ নিজৰ ঠাইতে আৰম্ভ হৈছে চাহ প্ৰস্তুত কৰা ফেক্টৰী (Tea factory open in Dhemaji) ৷

চাইকেল, মটৰ চাইকেলত বান্ধি মোনাই মোনাই যুৱ খেতিয়কসকলে ফেক্টৰীলৈ আনিছে কেঁচা চাহপাত ৷ জানিব পৰা মতে পশ্চিম ধেমাজিৰ আহোমৰ স্মৃতি বিজড়িত ঐতিহাসিক হাবুং মন্দিৰৰ সমীপতে এদিনৰ পূৰ্বে মৰাণৰ মেঘা চাহৰ স্বতাধিকাৰীয়ে মুকলি কৰে বগীবিল চাহ ফেক্টৰীটো (Bogibeel Tea Factory Open in Dhemaji) ৷

দৈনিক ৮ ৰ পৰা ১০ লাখ কেজি চাহ প্ৰস্তুত কৰিব পাৰিব এই ফেক্টৰীটোত ৷ ইতিমধ্যে অঞ্চলটোৰ বহুতো উদ্যমী ক্ষুদ্ৰ চাহ খেতিয়কৰ মুখত এতিয়া বিৰিঙিছে প্ৰাপ্তিৰ প্ৰশান্তি হাঁহি ৷ চাহ ফেক্টৰীটোৰ লগত জড়িত হৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ পথ মুকলি হৈছে বহুজনৰ (Tea Cultivation in Assam) ৷

সেয়ে এতিয়াৰে পৰা দুগুণ উৎসাহেৰে আৰম্ভ কৰিছে চাহ খেতি ৷ এক প্ৰকাৰ আওঁহতীয়া অঞ্চলটোত সংগোপনে আৰম্ভণি হ'ল উৎকৃষ্ট মানদণ্ডৰ চাহৰ সেউজ বিপ্লৱ (Small tea growers in Assam) ৷ মন কৰিবলগীয়া যে যি সময়ত উচ্চশিক্ষিত যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিৰ পাচত দৌৰি আছে, ঠিক তেনে সময়ত পশ্চিম ধেমাজিৰ হাবুং অঞ্চলৰ শিক্ষিত নিবনুৱাসকলে স্বাধীনভাৱে চাহ খেতিৰ সৈতে জড়িত হৈ আৰম্ভ কৰিছে এক নতুন অৰ্থনৈতিক বিপ্লৱ ৷

ইতিমধ্যে বগীবিল চাহ ফেক্টৰীৰ স্বতাধিকাৰীয়ে হাবুঙৰ চাহ ৰাজ্যৰ অন্যান্য জিলাৰ চাহৰ তুলনাত যথেষ্ট উন্নত বুলি প্ৰশংসা কৰিছে ৷ এনেক্ষেত্ৰত আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় চাহৰ বজাৰতো পশ্চিম ধেমাজিৰ চাহে সমাদৃত হ'ব বুলি আশা প্ৰকাশ কৰিব পাৰি ৷

লগতে পঢ়ক: Man from Assam missing in Kerala: বহিঃৰাজ্যত ৰহস্যজনকভাৱে নিৰুদ্দেশ ৫০ উৰ্দ্ধৰ ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.