ETV Bharat / state

পৃথক বড়োলেণ্ড: স্বায়ত্ত্ব শাসন আৰু অন্যান্য আঠদফীয়া দাবীত জ্বলিছে অসম ! - Bodoland organisation protest latest news

সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত লুটুমাৰীৰ বৰপুখুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত স্বায়ত্ত্ব শাসনৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ২০১৪ চনৰ পৰাই বিটিচি ৰ বাহিৰত থকা বড়ো লোকসকলৰ বাবে বড়ো কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্তি দাবী উত্থাপন হৈছে যদিও চৰকাৰী পক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক যাদৱ বসুমতাৰীয়ে ৷

পৃথক বড়োলেণ্ড
author img

By

Published : Oct 31, 2019, 11:47 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰ: বড়ো কছাৰী স্বায়ত্ত্ব শাসন আৰু অন্যান্য আঠদফীয়া দাবীত জ্বলিছে সমগ্ৰ ৰাজ্য ৷ বিটিচিৰ বৰ্হিঃভূত বড়োসকলৰ উন্নয়নৰ বাবে বৃহস্পতিবাৰে ৰাজ্যৰ কেবাটাও বড়ো সংগঠনে উত্তাল কৰিলে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ আগন্তুক বিধানসভাৰ বড়ো কছাৰী উট'নমাচ কাউন্সিল বিল উত্থাপনৰ দাবীৰে আজি প্ৰতিবাদত উত্তাল হৈ পৰিল কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয় ।

পৃথক বড়োলেণ্ড

আনহাতে ধেমাজীত বড়ো জাতীয় সংগঠনসমূহৰ সহযোগত তিনি ঘন্টীয়া "গণ ধৰ্ণা" কৰে ইউনাইটেড বড়ো পিপুলচ অৰ্গেনাইজেচনে ৷ মূলত বি.টি.এ.ডি.ৰ বাহিৰৰ 21 খন জিলাত বসবাস কৰা 10 লক্ষাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী স্বায়ত্ব শাষিত পৰিষদ গঠন কৰা আৰু কাৰ্বি আংলং, ডিমা হাচাও জিলাত বসবাস কৰা বড়োসকলক বি.টি.চি. চুক্তিৰ ৮ নং দফা অনুসৰি পাহাৰীয়া মৰ্যদা প্ৰদান কৰা , বন আইন 2006 মতে জনজাতি আৰু পৰম্পৰাগত বনবাসীসকলক ভূমিপট্টনৰ ব্যৱস্থা কৰা আদি দাবীৰ পৰিপ্ৰেক্ষিততে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

পৃথক বড়োলেণ্ড

সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত লুটুমাৰীৰ বৰপুখুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত স্বায়ত্ত্ব শাসনৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ২০১৪ চনৰ পৰাই বিটিচি ৰ বাহিৰত থকা বড়ো লোকসকলৰ বাবে বড়ো কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্তি দাবী উত্থাপন হৈছে যদিও চৰকাৰী পক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক যাদৱ বসুমতাৰীয়ে ৷

পৃথক বড়োলেণ্ড

ৰাজ্যৰ অন্য স্থান সমূহৰ সমান্তৰালকৈ প্ৰতিমুখী হৈ পৰিল মৰিগাঁও জিলা ৷ সহস্ৰাধিক প্ৰতিবাদী কণ্ঠত কঁপি উঠিল মৰিগাঁও উপায়ুক্তৰ কাৰ্যলয়ৰ চৌহদ । ৰাজ্যৰ বিভিন্ন জিলাত বসবাস কৰা বড়োসকলৰ উন্নয়নৰ বাবে বড়ো কছাৰী স্বায়ত্ব পৰিষদ গঠন কৰা, ফৰেষ্ট লেণ্ডত বাসকৰা বড়োসকল ভূমি পট্টা দিয়া, ৰাজ্যৰ আন আন জিলাত বাস কৰা বড়োসকলক জনজাতি মৰ্যদা প্ৰদান কৰা, বড়ো মাধ্যমৰ সুকীয়া শিক্ষা সঞ্চালকালয় গঠন কৰা,বড়ো মাধ্যমৰ বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰা আদি আঠদফীয়া এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ৷

Intro:Body:জোনাইত মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত বড়ো কছাৰী স্বায়ত্ত শাসন আৰু অন্যান্য আঠদফীয়া দাবীৰ সমৰ্থনত সংযুক্ত বড়ো গনমঞ্চ(ইউবিপিঅ) আৰু বড়ো জাতীয় সংগঠনৰ 'গণ ধৰ্ণা' কাৰ্য্যসুচী / বিভিন্ন
দাবীৰ শ্লোগানেৰে উত্তাল পৰিবেশ ডেৰ সহস্ৰাধিক ৰাইজৰ  |

জোনাই ৩১ অক্টোবৰ

বিটিএডি বাহিৰৰ ৰাজ্যৰ ২১ খন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগনৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা আৰু কাৰ্বি আংলং, ডিমা হাচাও জিলাত বসবাস কৰা বড়োসকলক বিটিচি চুক্তিৰ ৮ নং দফা অনুসৰি পাহাৰীয়া জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা, বন আইন ২০০৬ মতে জনজাতি আৰু পৰম্পৰাগত বনবাসীসকলক  ভূমি পট্টনৰ ব্যৱস্থা কৰা, অসম ভূমি ৰাজহ দশম অধ্যায় ( সংশোধনী ১৯৪৭) অনুসৰি জনজাতি আবেষ্টনী আৰু খণ্ড, জনজাতি উপ আঁচনি আৰু বনাঞ্চল সমূহ সংৰক্ষণ কৰা, অসম নাগালেণ্ড, অসম অৰুণাচল, অসম মেঘালয় আন্ত: ৰাজ্যিক সীমা বিবাদ সমূহ সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা নিষ্পত্তিকৰণ কৰা, বড়ো মাধ্যমৰ সুকীয়া শিক্ষা সঞ্চালকালয় গঠন কৰা, বড়ো মাধ্যমৰ বেচৰকাৰী এলপি, এমই আৰু হাইস্কুল সমূহ শীঘ্ৰেই প্ৰাদেশিকীকৰণ কৰা উচ্চতৰ মাধ্যমিক স্তৰত বড়ো বিষয়ৰ শিক্ষক পদ সৃষ্টি কৰা, অসমৰ সকলো চৰকাৰী ঘাটি মঞ্জুৰীকৃত  মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত বডো বিষয়ত প্ৰবক্তা পদ সৃষ্টি কৰা, প্ৰক্তন বিএলটি, আত্মসমৰ্পনকাৰী এনডিএফবি আৰু বড়ো আন্দোলনত জড়িত নেতা কেডাৰ সকলকৰ বিপৰীতে থকা গোচৰ সমূহ প্ৰত্যাহাৰ কৰা আৰু পুন:সংস্থাপন দিয়া, দহ হাজাৰ বড়ো যুৱক যুৱতীৰ দ্বাৰা নগা ৰেজিমেন্টৰ আৰ্হিত বড়ো ৰেজিমেন্ট গঠন কৰা, ধেমাজি জিলাৰ সানজাৰি নৗগৗৰৰ চিমেন চাপৰি আৰু গোলাঘাট জিলাৰ চিচুপানী জয়পুখুৰীত বড়ো মধ্যমৰ দুৰদৰ্শন কেন্দ্ৰ নিৰ্মাণ কৰা দাবীসমূহৰ সমৰ্থনত সংযুক্ত বড়ো গনমঞ্চ ধেমাজি জিলা সমিতি উদ্যোগত আৰু জোনাই জিলা বড়ো সাহিত্য সভা, ধেমাজি জিলা আবৌফ, অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভা, অবিভক্ত লক্ষীমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতি, ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থা আৰু ধেমাজি জিলা হাৰিমু আফাদৰ সহযোগত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত তিনিঘন্টীয়া গণধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ কৰা হয় | দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত ১৯৯৩ চনত বড়ো স্বায়ত্ত শাসিত পৰিষদ( BAC) গঠন হয়| স্বায়ত্ত পৰিষদখনে বড়ো সকলৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হয় | এনে পৰিস্থিতিৰ মাজতে ১৯৯৬ চনত হাগ্ৰামা মুহিলাৰী, চন্দন ব্ৰহ্মৰ নেতৃত্বত বিএলটি গঠন হয়| ২০০৩ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে বিটিচি চুক্তি সম্পাদন হয় কোকোৰাঝাৰ, চিৰাং, বাক্সা আৰু ওডালগুৰি জিলাক সামৰি বিটিএডি গঠন হল যদিও অসমৰ ২১ খন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগন ইয়াৰ আওতাৰ বাহিৰত ৰৈ গ'ল| বিটিএডি ৰ বাহিৰৰ লাখ লাখ বড়ো জনসাধাৰনৰ ৰাজনৈতিক অধিকাৰ, অৰ্থসামাজিক, শৈক্ষিক, সাংস্কৃতিক ভূমিৰ অধিকাৰৰ সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়ন তথা বিকাশৰ লক্ষ্যত জন্মলগ্নৰে পৰা ইউবিপিঅই বড়ো কছাৰী স্বায়ত্ত শাসনৰ দাবী জনায় আহিছে | এনে দাবীৰ ফলশ্ৰুতিত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালত কেবিনেট অনুমোদন লাভ কৰে বড়ো কছাৰী স্বায়ত্ত পৰিষদ গঠনৰ প্ৰস্তাৱটো | কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় হৈছে দিছপুৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ উপৰি বিগত লোকসভা নিৰ্বাচনতো বিজেপি প্ৰাৰ্থীক বিজয়ী হোৱাত ইউবিপিঅ ই গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা স্বত্বেও বডো জাতীয় সংগঠন সমূহৰ উমৈহতীয়া মঞ্চ ইউবিপিঅ ই জনাই অহা বড়ো কছাৰী স্বায়ত্ত শাসনৰ দাবী ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে চুড়ান্ত ভাৱে অৱহেলা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে | উল্লেখ্য যে ২০১৬ চনত গুৱাহাটীৰ বাথৌপুৰীত অনুষ্ঠিত ইউবিপিঅৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ২০১৯ চনৰ মাৰ্চ মাহত ধেমাজি জিলাৰ চিমেন চাপৰিত পঞ্চম দ্বি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎকালেই বড়ো কছাৰী স্বায়ত্ত পৰিষদ গঠনৰ ৰাজহুৱা ঘোষণাও কৰে| ইয়াৰ উপৰি ইউবিপিঅ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত চাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক  মন্ত্ৰী ৰামদাস আঠ'ৱালে, বন আৰু পৰিবেশ মন্ত্ৰী অৰ্জুন মুণ্ডাৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰী, অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম, সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, লোকসভাৰ সাংসদ প্ৰদান বৰুৱাকে ধৰি কেন্দ্ৰীয় ৰাজ্য উভয় চৰকাৰৰ কেবাজনো মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰি অহা হৈছে | বিভিন্ন সময়ত মন্ত্ৰী আৰু জনপ্ৰতিনিধিসকলে ইউবিপিঅৰ নেতৃত্বক অশ্বাস প্ৰদান কৰি অহাৰ পিছতো বিজেপি মিত্ৰজোঁটৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দুখনে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি সংবাধানিকভাৱে প্ৰাপ্য বিটিএডিৰ বাহিৰৰ দহ লক্ষাধিক বড়ো জনগনক শীঘ্ৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা লগতে অন্যান্য আঠদফীয়া দাবীক কাৰ্যকৰীকৰণৰ ব্যৱস্থা তৎকালেই হাতত লবলৈ আজিৰ 'গণ ধৰ্ণা' স্থলীৰ পৰা চৰকাৰক হুংকাৰ দিয়ে| 
আজিৰ গণধৰ্ণা স্থলীত ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সম্পাদক দিপাংকৰ নাৰ্জাৰী, উপ সভাপতি সভাপতি জোনাৰাম ব্ৰহ্ম, ৰাতিৰাম বসুমতাৰী আৰু উপ - সম্পাদক শন্তলা গয়াৰী, হেম কান্ত দৈমাৰীৰ স্বাক্ষৰিত স্মাৰক পত্ৰ জোনাই মহকুমাধিপতি নিসৰ্গ হিৱৰে জৰিয়তে   মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়| স্মৰক পত্ৰৰ প্ৰতিলিপি বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু  ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী লৈ প্ৰেৰন  কৰা হয় |
ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে আঁতধৰা' গণ ধৰ্ণা' কাৰ্য্যসুচীত সংযুক্ত বড়ো গনমঞ্চ (ইউবিপিঅ) ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী, অবিভক্ত লক্ষীমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই বড়োসকলৰ আঠদফীয়া দাবী আৰু বিভিন্ন সমস্যা সম্পৰ্কে বক্তব্য ৰাখে , লগতে ইউবিপিঅৰ উপদেষ্টা ৰাজেন্দ্ৰ কুমাৰ ব্ৰহ্ম, জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি সোনেশ্বৰ বসুমতাৰী, ধেমাজি জিলা আবৌফৰ কাৰ্যকৰী সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, ইউবিপিঅৰ কেন্দ্ৰীয় সদস্যা প্ৰানজিতা বড়ো, ধেমাজি জিলাৰ ইউবিপিঅৰ উপ সভাপতি ৰাতিৰাম বসুমতাৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক দিলিপ বসুমতাৰী,  প্ৰমুখ্যে বহুতো বড়ো নেতা আৰু সহস্ৰধিক প্ৰতিবাদীয়ে  অংশগ্ৰহণ কৰি  ইউবিপিঅ জিন্দাবাদ, বড়ো কছাৰী স্বায়ত্ত শাসন প্ৰদান কৰক, আমাৰ দাবী ন্যাৰ্য দাবী, অসম চৰকাৰ হুচিয়াৰ নৗ বিকে এচি নৗ ৰেষ্ট বিভিন্ন শ্লোগানেৰে ধৰ্ণা স্থলীত উত্তাল কৰি তোলে জোনাইৰ পৰিবেশ |

কৰবী দলে জোনাই

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.