জোনাই,২ মাৰ্চ : শিক্ষা, কৃষি,সাংস্কৃতিক দিশৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব সদ্য গঠিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখনে । ধেমাজি জিলাৰ সানজাৰি নগৰৰ চিমেন চাপৰিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয় উদ্ধোধন কৰি পৰিষদৰ নৱনিযুক্ত মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে উল্লেখ কৰে এই কথা । অনুষ্ঠানত বি কে ডব্লিউ অ’ এ চিৰ প্ৰধানগৰাকীয়ে উদ্ধোধনী ভাষণত এবছুৰ প্ৰাক্তন সভাপতি তথা বড়ো জাতিৰ হুতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোন বাস্তৱ ৰূপ দিবলৈ হ’লে তেওঁৰ আদৰ্শৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি আগন্তুক দিশত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ চিন্তাধাৰাৰে সমাজ নিৰ্মাণত ব্ৰতী হ’বলৈ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে, ১৯৮৭ চনৰ ২ মাৰ্চৰ পৰাই উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত সুকীয়া বড়োলেণ্ডৰ দাবীত বড়ো আন্দোলনৰ সূচনা হৈছিল ৷ তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বড়ো জাতিৰ বাবে ঐতিহাসিক দিন হিচাপে পৰিগণিত আজি বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি কৰা হ’ল ৷
অনুষ্ঠানত বি কে ডব্লিউ এ চিৰ অধ্যক্ষ গাম্বাৰু মুছাহাৰীয়ে কয় যে, ২০১৪ চনৰ পৰাই সংযুক্ত বড়ো গণ মঞ্চই বিটিচিৰ বাহিৰৰ অসমৰ বাইশখন জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে এখন স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে । তেওঁ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰে এই দাবী পূৰণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ বুলি উল্লেখ কৰি সদ্য গঠিত অন্তৱৰ্তীকালীন পৰিষদখনে প্ৰথম অৱস্থাত ইয়াৰ কাৰ্যালয় নিৰ্মাণ আৰু বি কে ডব্লিউ এ চিৰ বাবে গাঁও নিৰ্বাচিত কৰি ছয়ত্ৰিশটা পৰিষদীয় সমষ্টি গঠন কামত মনোনিবেশ কৰিব বুলি বক্তব্য আগবঢ়ায় । অনুষ্ঠানত তৃতীয় বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী সংগঠন সংযুক্ত বড়ো গণ মঞ্চৰ ( ইউবিপিঅ) নৱনিৰ্বাচিত সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে ইউবিপিঅই দাবী জনাই অহা স্বায়ত্ত পৰিষদখন চৰকাৰে গঠন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনায় ৷ তেওঁ লগতে, বনাঞ্চলত যুগ যুগ ধৰি বসবাস কৰি অহা পৰম্পৰাগত বনবাসী জনজাতীয় লোকক ২০০৬ বন আইন অনুসৰি ভূমি পট্টা প্ৰদান কৰা, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্য্যদা দিয়া, পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ নথকা বিশ্বনাথ আৰু শোণিতপুৰ জিলাত বসবাস কৰা অধিকাংশ বড়ো লোকক ভোটাধিকাৰ প্ৰদানৰ খৰতকীয়া ব্যৱস্থা কৰা, অসমীয়া ভাষিক বড়ো সকলৰ সৈতে ঐক্য আৰু আন্তৰিক সম্বন্ধ গঢ়ি তুলিবলৈ ইবিপিঅ’ই বি কে ডব্লিউ এ চিৰ সহযোগিতাৰে কাম কৰি যাব বুলি ভাষণত উল্লেখ কৰে ।
অনুষ্ঠানত ইউবিপিঅৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক সুশীল বসুমতাৰীয়ে বিটিচিৰ বাহিৰৰ বড়োসকলৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰি কয় যে, অসমৰ কোনো এটা সংগঠনৰ নেতা নাই যি মিহিনিশ্বৰ বসুমতাৰীৰ দৰে দুখনকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিত সংগঠনৰ নেতা হিচাপে স্বাক্ষৰ কৰিছে ৷ তেওঁ বিএলটিৰ শীৰ্ষ নেতা হিচাপে ২০০৩ চনত বিটিচি চুক্তিত আৰু ইউবিপিঅৰ সভাপতি হিচাপে বিটিআৰ চুক্তিত স্বাক্ষৰকাৰী বুলি কৈ এবছুৰ তদানীন্তন সভাপতি উপেন্দ্ৰনাথ ব্ৰহ্মৰ কাৰ্যকালৰ এবছুৰ সাংগঠনিক সম্পাদক, বিএলটিৰ সাংগঠনিক সম্পাদক, সতীশ বসুমতাৰী বড়ো হাইস্কুলৰ অৱসৰী সহকাৰী শিক্ষকৰ উপৰিও সকলো জাতি-জনগোষ্ঠীৰ উমৈহতীয়া সংগঠন গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰা আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ইউবিপিঅ’ৰ প্ৰতিষ্ঠাপক সভাপতি পদত থাকি বড়ো ৰাইজৰ লগতে সকলো জনসাধাৰণৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা মিহিনিশ্বৰ বসুমতাৰীৰ নেতৃত্বৰ স্বায়ত্ত পৰিষদখন এখন শক্তিশালী,উন্নয়নকামী আৰু দুৰ্নীতিমুক্ত স্বায়ত্ত শাসিত পৰিষদ হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : নিৰ্বাচনৰ সন্দৰ্ভত গোলাঘাটত উপায়ুক্তৰ সংবাদমেল