ধেমাজি, 3 নৱেম্বৰ: অপৰাধীক আটক কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰা ঘটনা আপুনি চাগে প্ৰায়ে দেখিছে ৷ বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত অপৰাধীলৈ আৰক্ষীৰ এনকাউন্টাৰৰ (Police encounter) ঘটনাই চৰ্চা লাভ কৰাৰ মাজতে এইবাৰ ড্ৰাগছ আসক্ত যুৱকৰ দলক খেদিবলৈ এজন ব্যৱসায়ীয়ে চলালে গুলী ৷
এনে এক ঘটনা সংঘটিত হৈছে ধেমাজিত ৷ নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে পাঁচ জাইকৈ গুলী চলাই খেদিবলৈ চেষ্টা কৰিলে ড্ৰাগছ আসক্ত যুৱকৰ দলক (Blank fire by business man) ৷ ফলত ঘটনাস্থলীৰ পৰা বাইক এৰি পলায়ন কৰে ড্ৰাগছ আসক্ত যুৱকৰ দলটোৱে ৷ বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হয় ধেমাজি নগৰৰ সমীপৰ ৰতনপুৰত ৷
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছ আসক্ত যুৱকৰ দল এটাই অঞ্চলটোত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ ৬/৭ জনীয়া ড্ৰাগছ আসক্ত যুৱকৰ দলটোৱে পথৰ দাঁতিতে মুকলিকৈ চিৰিঞ্জেৰে ড্ৰাগছ লৈ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ এই বিষয়ে আৰক্ষীকো জনাই বহুবাৰ আহিছিল এই ব্যৱসায়ীজনে ৷
পিছে এইক্ষেত্ৰত আৰক্ষীয়ে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰত আৰক্ষীলৈ বাট নাচাই নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে শূন্যলৈ গুলীচালনা কৰে ব্যৱসায়ীজনে ৷ ফলত অঞ্চলটোত এক আতংকৰ সৃষ্টি হয় ৷
লগতে পঢ়ক: Platinum Jubilee of AMCH: জন বেৰী হোৱাইটৰ সোঁৱৰণত পুৰস্কাৰ প্ৰদানৰ পোষকতা মুখ্যমন্ত্ৰীৰ