ধেমাজি, ৫ মাৰ্চ: ন বিজেপি তথা জোনাই সমষ্টিৰ গণশক্তি দলৰ বিধায়ক ভূৱন পেগুক বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । পেগুৰ লগতে ইউ বি পি অৰ সদ্য প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি মিহিনেশ্বৰ বসুমতাৰীকো আনুষ্ঠানিকভাৱে দলীয় কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । দুয়োগৰাকী নেতাক দলীয় কাৰ্যালয়ত উষ্ম আদৰণি জনায় বিজেপি কৰ্মীসকলে ।
দলত যোগদান কৰিয়েই আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক জোনাই সমষ্টিৰ ৰাইজে অসমৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰাব আৰু এশ শতাংশ বিজয় নিশ্চিত হ’ব বুলি গেৰাণ্টি দিয়ে ন বিজেপি তথা বিধায়ক পেগুৱে । ইফালে, শেহতীয়াকৈ যোৱা কেইবাদিন ধৰি সংবাদ মাধ্যমত তথা চ’ছিয়েল মিডিয়াত বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে বিজেপিৰ একাংশ কৰ্মকৰ্তাই প্ৰতিবাদ কৰি অহাৰ বাতৰি সম্প্ৰচাৰ হোৱাত বিধায়ক পেগুৱে এক প্ৰকাৰ সংবাদ মাধ্যমৰ লোকসকলক হে নীতিশিক্ষা দিবলৈ চেষ্টা কৰে । বাতৰি আৰু বাস্তৱতাৰ মাজত আকাশ-পাতাল পাৰ্থক্যৰ বিষয়ে পৰামৰ্শ দি সাংবাদিকসকলক বাস্তৱৰ বাতৰি সম্প্ৰচাৰ কৰাটো দৰকাৰ বুলি কয় বিধায়ক গৰাকীয়ে ৷
উল্লেখ্য যে, বিধায়ক পেগুৰ বিজেপি দলত যোগদানক লৈ মঙলবাৰে ক্ষোভ প্ৰকাশ কৰি জোনাই সমষ্টিৰ শতাধিক বিজেপি কৰ্মীয়ে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে । বিধায়ক পেগুৱে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপিত যোগদান কৰা বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷ টিকট লাভৰ আশাত বিধায়ক পেগুৱে বিজেপিত যোগদান কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কয় যে, যদিহে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ আহ্বান তথা প্ৰৱল প্ৰতিবাদক আওকাণ কৰি দলে পেগুক টিকট প্ৰদান কৰে তেন্তে কৰ্মীসকলে বিকল্প ব্যৱস্থা লোৱাৰ উপৰিও ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ব ৷
লগতে পঢ়ক:শীৰ্ষ নেতৃত্বতৰ বিৰুদ্ধে টীয়কত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ