ETV Bharat / state

Erosion of Dikhari river: দিখাৰী নদীৰ খহনীয়া পৰিদৰ্শন ভূবন পেগুৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 3:26 PM IST

এশ এবুৰি সমস্যাৰে জৰ্জৰিত বৃহত্তৰ তেলাম কৰৈবাৰী অঞ্চল। ইয়াৰ মাজতে দিখাৰী নদীৰ খহনীয়া পৰিদৰ্শন ভূবন পেগুৰ । গঢ়াখহনীয়া প্ৰতিৰোধ, প্ৰাথমিক বিদ্যালয় স্থাপন, পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়ক ভূবন পেগুৰ ।

Bhuban Pegu inspects erosion of Dikhari river in Jonai
দিখাৰী নদীৰ খহনীয়া পৰিদৰ্শন ভূবন পেগুৰ
দিখাৰী নদীৰ খহনীয়া পৰিদৰ্শন ভূবন পেগুৰ

জোনাই,২ ছেপ্টেম্বৰ: এশ এবুৰি সমস্যাৰে জৰ্জৰিত জোনাইৰ মহকুমাৰ তেলাম গাঁও পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ কৰৈবাৰী অঞ্চল । অৰুণাচল প্ৰদেশৰ সীমাতে লাগি থকা কৰৈবাৰী অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে । কৰৈবাৰী অঞ্চলত প্ৰায় আঠশ দিন হাজিৰা কৰি খাটি খোৱা পৰিয়ালে বসবাস কৰি আহিছে বছৰ বছৰ ধৰি ।

গোৰ্খা, বড়ো, ৰাজবংশী, মিচিং জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল বসবাস কৰি আহিছে এই বৃহত্তৰ কৰৈবাৰীত । কোনোৱে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দিন হাজিৰা কৰে, আন কোনোয়ে আদিয়া খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে । এনে দৰিদ্ৰ শ্ৰেণীৰ তলৰ লোকসকলে বসবাস কৰা বৃহত্তৰ কৰৈবাৰীৰ শিশু, কিশোৰ কিশোৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষ সমস্যাত পৰে ।

প্ৰত্যেক দিনাই অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধ-বনিতালৈ বিভিন্ন সমস্যাৰ যন্ত্ৰণাত ভূগি আহিছে । বিশেষকৈ দিখাৰী নদীৰ গৰাখহনীয়া, বিদ্যালয়ৰ অভাৱ, বাট-পথৰ পঁয়ালগা দৃশ্য, চিকিৎসাজনিত সমস্যা আদি ক্ষেত্ৰত দৈনিক হাহাকাৰ কৰিবলগীয়াত পৰে অঞ্চলটোৰ ৰাইজ । ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈত অৱস্থিত কৰৈবাৰী অঞ্চলৰ এশ এবুৰি সমস্যা বৰ্তমানেও চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰা নাই ।

যাতায়তৰ সমস্যাৰে জৰ্জৰিত কৰৈবাৰী অঞ্চলৰ জনসাধাৰণে দৈনিক চিকিৎসাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। জৰুৰী অৱস্থাত পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ সোমাব নোৱাৰে এম্বুলেন্স, অগ্নিনির্বাপণ বাহিনীৰ বাহন । বিশেষকৈ লক্ষীপথাৰৰ পৰা ৰে'লৱে লাইন পাৰ হৈ কৰৈবাৰীলৈ যোৱা পথত ৰে'ল ক্ৰচিং নথকাত জৰুৰীকালীন সময়ত বিশেষ অসুবিধাত পৰে লোকসকল ।

বৃহত্তৰ অঞ্চলটোত নাই এখনো চৰকাৰী বিদ্যালয়, নাই অংগনবাড়ী কেন্দ্ৰ । প্ৰাথমিক বিদ্যালয়ৰ অভাৱত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় তিনি কিলোমিটাৰ দূৰৈত থকা বিদ্যালয়লৈ খোজকাঢ়ি যাবলগীয়া হয় । তদুপৰি অঞ্চলটোত নাই এখন পশু চিকিৎসালয় । দিন হাজিৰা আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল বৃহত্তৰ অঞ্চলত বহু সময়ত পশু ধন চিকিৎসাৰ অভাৱত মৃত্যু হয় ।

এনে এশ এবুৰি সমস্যাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাৰ দৰে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা দিখাৰী নদীয়ে লৈছে ভয়ংকৰ ৰূপ । শ শ হেক্টৰ ভূমি ইতিমধ্যে গঢ়াখহনীয়াৰ ফলত দিখাৰী নদীত বিলীন হৈছে । অঞ্চলটোৰ প্ৰায় ৩৫ টা পৰিয়ালৰ ঘৰবাৰী ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে । বিগত তিনি বছৰে দিখাৰী নদীৰ ভয়ংকৰ খহনীয়া ৰূপ দেখি চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ।

এশ এবুৰি সমস্যাৰ মাজতে শনিবাৰে জোনাইৰ বিধায়ক ভূবন পেগুয়ে কৰৈবাৰী অঞ্চলৰ দিখাৰী নদীৰ গঢ়াখহনীয়া পৰিদৰ্শন কৰে । গঢ়াখহনীয়া পৰিদৰ্শন কৰি ৰাইজক শীঘ্ৰে গঢ়াখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিয়াৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত প্ৰাথমিক বিদ্যালয় আৰু পকী পথ শীঘ্রে নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে ৰাইজক ।

লগতে পঢ়ক: Drugs peddlers detained at Manikpur : গেৰুকাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.