ETV Bharat / state

Basketball Tournament in Jonai: জোনাইত বলাৰছ ইউনাইটেডৰ উদ্যোগত অনুষ্ঠিত বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি - বাস্কেটবল প্ৰতিযোগিতা

জোনাই ফ্ৰন্সিলিয়ান হাইস্কুলত অনুষ্ঠিত হোৱা এদিনীয়া বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি ৷ এই প্ৰতিযোগিতাত ছোৱালী শাখাত বিজয়ী হয় ধেমাজি SFS বাস্কেটবল দল ৷ আনহাতে ল'ৰা শাখাত বিজয়ী হয় তিনিচুকীয়া জিলাৰ টিম ছুইছ দল ৷

Basketball Tournament in Jonai
বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি
author img

By

Published : Jul 23, 2023, 12:20 PM IST

এদিনীয়া বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি

জোনাই, 23 জুলাই : জোনাই ফ্ৰন্সিলিয়ান হাইস্কুলত শনিবাৰে এদিনীয়াকৈ এখন বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ জোনাই বলাৰছ ইউনাইটেডৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখনি ৷ অসমৰ ধেমাজি, উত্তৰ লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা-হাচাওৰ লগতে অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পৰা ল'ৰা আৰু ছোৱালী উভয় খেলুৱৈয়ে এই এদিনীয়া বাস্কেটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

এই এদিনীয়া বাস্কেটবল প্ৰতিযোগিতাখনত ল’ৰাৰ শাখাত 18 টা দলে আৰু ছোৱালী শাখাত 6 টা দলে অংশগ্ৰহণ কৰে ৷ ছোৱালী দলৰ হৈ প্ৰথম স্থান লাভ কৰে ধেমাজি SFS বাস্কেটবল দল আৰু ৰাৰ্ণাছ আপ হয় ডিব্ৰুগড় ডি-টাউন বাস্কেটবল দল ৷ আনহাতে ল'ৰা দলৰ হৈ প্ৰথম স্থান লাভ কৰে তিনিচুকীয়া জিলাৰ টিম ছুইছ দল আৰু দ্বিতীয় স্থান দখল কৰে ডিব্ৰুগড় জিলাৰ ডি টাউন ৰিপাৰ্ছ দলে ৷ খেলখনত ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ধেমাজিৰ নম্ৰতা ব্ৰহ্ম আৰু ছোৱালীৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰে জোনাইৰ আস্থাৰাণী গয়াৰী ৷

আনহাতে ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তিনিচুকীয়াৰ দিপাঙ্কৰ দে’ আৰু উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰে জোনাইৰ কাংকান নৰহে ৷ এই এদিনীয়া বাস্কেটবল প্ৰতিযোগিতাত উপস্থিত থাকে জোনাই ফ্ৰন্সিলিয়ান হাইস্কুলৰ অধ্যক্ষ ফাদাৰ যোচেফ খে. পি, জ’ৰছে, তেলাম এছ এফ এছ স্কুলৰ অধ্যক্ষ ফাদাৰ জেকব ৰেইছিং, ধেমাজি জিলা হকী এছ’ছিয়েছনৰ সাধাৰণ সম্পাদক প্ৰণৱ টায়ে, ডিমা হাচাও বাস্কেটবল এছ’ছিয়েছনৰ উপ-সভাপতি ফাৰছ’ লাংথাচা, জোনাই Dwarriors Nation GYM ৰ স্বত্বাধিকাৰী গাগ্গী গুৰুঙৰ লগতে বহু গণ্য-মান্য ব্যক্তি ৷

লগতে পঢ়ক : Assam gets WFI membership : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ লাভ অসমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.