জোনাই,৩ ফেব্ৰুৱাৰী: অহা ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত ধেমাজি জিলাৰ চিমেন চাপৰি চেৰেন পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন(92nd session of Srimanta Sankaradeva Sangha) । লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে চিমেন চাপৰিৰ বাপ-বৈঞ্চৱ । অধিৱেশনস্থলী আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে বিভিন্ন প্ৰান্তৰ বাপ-বৈঞ্চৱক কিদৰে আপ্যায়ণ কৰিব তাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে(Srimanta Sankaradeva Sangha session) ।
বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই(Babul Bora supervised the preparations for session) । পৰমানন্দ আতা ক্ষেত্ৰত উপস্থিত হৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক গৰাকীয়ে কয় যে ৰাজ্যখনৰ উপৰি দেশৰ বিভিন্ন অঞ্চলৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনলৈ হাজাৰ হাজাৰ ভকত, বৈষ্ণৱ আহি অংশগ্ৰহণ কৰিব ।
লগতে তেওঁ কয় যে জোনাইখন এখন সৰু আৰু আৰ্থিক দিশটো সবল নহয় তৎস্বত্তেও জোনাই জিলা শাখাৰ একনিষ্ঠ সেৱক সকলে দিনে নিশাই কষ্ট কৰি অধিৱেশনস্থলী সুন্দৰকৈ সজাই পৰাই তুলিছে । ইতিমধ্যে অধিৱেশনৰ মূল মঞ্চখন সম্পূৰ্ণ প্ৰাকৃতিক সামগ্ৰীৰে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি প্ৰধান সম্পাদক বাবুল বৰাই লগতে কয় যে আগন্তুক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সকলো বিষয়ববীয়া, ভকত, বৈষ্ণৱে নিৰলসভাৱে জড়িত হৈ পৰিছে ।
উল্লেখযোগ্য যে চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত নিৰ্মীয়মান অৱস্থাত আছে ১৬৮ টা প্ৰতিনিধি শিৱিৰ । নিৰ্মাণকাৰ্য চলিছে বিশালকায় প্ৰেক্ষাগৃহ, ভোজনালয়ৰ লগতে বহু শিৱিৰ । প্ৰায় তিনি কোটি টকা বাজেটেৰে প্ৰস্তুতি চলোৱা বিশাল অধিৱেশনৰ বাবে বহু শুভাকাংক্ষী, সংঘৰ কৰ্মকৰ্তা, প্ৰশাসনে সহযোগিতা আগবঢ়াইছে । অধিৱেশন সফল কৰি তুলিবলৈ সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ।
উল্লেখ যে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ (Srimanta Sankaradeva Sangha) । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কাম কৰি আছে । গুৰুজনাই দেখুৱাই থৈ যোৱা এক শৰণ নামধৰ্মৰ আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনখন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয় । এই অধিৱেশনত প্ৰতি বছৰে লাখ লাখ লোকৰ সমাগম হয় ।
লগতে পঢ়ক: Operation against Child marriage: বাল্য বিবাহ বিৰোধী অভিযানত শিৱসাগত ১৩ জন লোকক আটক