ধেমাজি, 22 আগষ্ট : শনিবাৰে ধেমাজি নগৰত দিন দুপৰতে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ ৰাজ্যিক বাছ আস্থানৰ সন্মুখত ধেমাজি মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰীক এজন যুৱকে কৰে দাৰে প্ৰহাৰ ৷ যুৱকজনৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় দুই ছাত্ৰী ৷ আহত ছাত্ৰী দুগৰাকীৰ নাম হৈছে নন্দিতা শইকীয়া আৰু কস্মিনা দত্ত ৷
অভিযোগ অনুসৰি, নন্দিতা আৰু কস্মিনাক মৰিধল মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ বিয়েৰা(সহায়ক) হিচাপে কৰ্মৰত ৰিণ্টু শৰ্মাই দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে ৷ লগতে কস্মিনাৰ পিতৃকো দাৰে ঘপিয়াই আহত কৰে ৰিণ্টু শৰ্মাই ৷ এই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে অভিযুক্ত ৰিণ্টু শৰ্মা ৷
অৱশ্যে আৰক্ষী আৰু ৰাইজৰ সহযোগত খেদি খেদি আটক কৰা হয় ৰিণ্টু শৰ্মাক ৷ বৰ্তমান দুয়োগৰাকী ছাত্ৰী ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ কিন্তু জানিব পৰা মতে, দুয়োগৰাকী ছাত্ৰীৰে অৱস্থা অতিশয় সংকটজনক ৷
ইয়াৰে নন্দিতা শইকীয়াৰ অৱস্থা অতি সংকটজনক হোৱাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ ধেমাজিৰ চিকিৎসকে প্ৰেৰণ কৰা হৈছে ৷ দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাই ধেমাজি সদৰত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে । কস্মিনা দত্তৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি, নন্দিতা শইকীয়াৰ সৈতে ৰিণ্টু শৰ্মাৰ আছিল প্ৰেমৰ সম্পৰ্ক ৷ প্ৰেমজনিত কাৰনতে ৰিণ্টু শৰ্মাই এইদৰে আক্ৰমণ কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে কস্মিনা দত্তৰ পিতৃয়ে ৷
লগতে পঢ়ক: কোকৰাঝাৰত আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষত নিহত 3