ETV Bharat / state

জনজাতিকৰণৰ দাবীত আটাছুৰ আন্দোলন কাৰ্যসূচী ঘোষণা - আটাছুৰ জনজাতিকৰণৰ দাবীত সংবাদমেল

বৃহস্পতিবাৰে ধেমাজীত এক সংবাদমেল সম্বোধন কৰি জনজাতিকৰণৰ দাবীত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি গৰজি উঠিল তাই আহোম ছাত্ৰ সংস্থাৰ সভাপতি লিটুল বুঢ়াগোহাঁইয়ে (ATASU press conference in Dhemaji) ৷ এপ্ৰিল মাহৰ প্ৰথমভাগৰ পৰা আহোম অধ্যুষিত গাঁৱে গাঁৱে গণচেতনাৰ যাত্ৰা আৰম্ভ হ’ব বুলিও জনায় আটাছুৰ সভাপতিগৰাকীয়ে ৷

atasu press conference in Dhemaji
জনজাতিকৰণৰ দাবীত আটাছু আন্দোলন কাৰ্যসূচী ঘোষণা
author img

By

Published : Feb 24, 2022, 10:31 PM IST

ধেমাজি, 24 ফেব্ৰুৱাৰী : পুনৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত আটাছু ৷ বৃহস্পতিবাৰে ধেমাজীত এক সংবাদমেল সম্বোধন কৰি জনজাতিকৰণৰ দাবীত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি উঠিল তাই আহোম ছাত্ৰ সংস্থাৰ সভাপতি লিটুল বুঢ়াগোহাঁইয়ে (ATASU press conference in Dhemaji) ৷

ঘোষিত আন্দোলনসূচীৰ মতে, আগন্তুক 23 মাৰ্চত নতুন দিল্লীৰ যন্তৰ মন্তৰত জনজাতিকৰণৰ দাবীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিব আটাছুৱে (ATASU protest against BJP govt) ৷ লগতে এপ্ৰিল মাহৰ প্ৰথমভাগৰ পৰা আহোম অধ্যুষিত গাঁৱে গাঁৱে গণচেতনাৰ যাত্ৰা আৰম্ভ হ’ব বুলিও জনায় আটাছুৰ সভাপতিগৰাকীয়ে ৷ এই যাত্ৰা শদিয়াৰ পৰা আৰম্ভ হ’ব ৷ আনহাতে, মে’, জুন মাহৰ ভিতৰত এক লাখ লোকৰ সমাগমেৰে বৃহৎ গণসমাৱেশ অনুষ্ঠিত কৰিব আটাছুৱে ৷

জনজাতিকৰণৰ দাবীত আটাছুৰ আন্দোলন কাৰ্যসূচী ঘোষণা

‘‘জনজাতিকৰণ নকৰাৰ পৰ্যন্ত চলিব এই সংগ্ৰাম’’ এই বুলি সংবাদমেলখনত হুংকাৰ দিয়ে আটাছুৱে ৷ উল্লেখ্য যে, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজি সদৰৰ হোটেল দপ’কনত অনুষ্ঠিত কৰা কেন্দ্ৰীয় কাৰ্যনিবাহক সভাৰ সিদ্ধান্ত অনুসৰি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে ৷

এই সংবাদমেলখনত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা ,উপ-সভাপতি অচ্যুত বৰগোহাঁই, যুটীয়া সম্পাদক মনোজ গগৈকে ধৰি অন্যান্য বিষয়ববীয়াই উপস্থিত থাকে ৷

লগতে পঢ়ক : Sarbananda Sonowal to come Majuli: মাজুলীলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.